বিপদত বিৰাট কোহলী। ছ’চিয়েল মিডিয়াত বিৰাট কোহলীৰ ৯ মহীয়া কণমানি জীয়ৰীক ধৰ্ষণ কৰাৰ ভাবুকি প্ৰদান।
ছ’চিয়েল মিডিয়াত বিৰুস্কাৰ জীয়ৰী ভামিকাক ধৰ্ষণৰ ভাবুকি দিয়াৰ পিছতে ছ’চিয়েল মিডিয়াত লাগিছে তোলপাৰ।
এই ভাবুকিৰ পিছতেই দিল্লীৰ মহিলা আয়োগে ঘটনা সন্দৰ্ভত দিল্লী আৰক্ষীত জাৰি কৰিছে এক জাননী। ভাৰতীয় ক্ৰিকেট দলৰ কেপ্টেইন বিৰাট কোহলী আৰু বলিউডৰ অভিনেত্ৰী অনুষ্কা শৰ্মাৰ জীয়ৰীক অনলাইনযোগে ধৰ্ষণৰ ভাবুকি দিয়াত এতিয়া চিন্তিত হৈ পৰিছে সকলো।
#NewsAlert | Delhi Commission for Women takes suo moto cognizance on media reports of threats given to the family of Indian cricket captain Virat Kohli. pic.twitter.com/YV9Mk58XTW
— NDTV (@ndtv) November 2, 2021
মহিলা আয়োগৰ জাননী অনুসৰি অহা ৮ নৱেম্বৰৰ ভিতৰত ঘটনা সন্দৰ্ভত আয়োগক তথ্য প্ৰদান কৰিব লাগিব আৰক্ষীয়ে।
উল্লেখ্য যে, দেওবাৰে ডুবাইত অনুষ্ঠিত হোৱা টি ২০ ক্ৰিকেট বিশ্বকাপত পাকিস্তানৰ হাতত ভাৰতে পৰাজয় বৰণ কৰাৰ পিছতেই ক্ৰিকেটাৰ বিৰাট কোহলীৰ বিৰুদ্ধে ছ’চিয়েল মিডিয়াত হিংসামূলক মন্তব্যৰে ভৰি পৰে। বিশ্বকাপত পাকিস্তানৰ হাতত ভাৰতৰ শোচনীয় পৰাজয়ৰ পিছতে ভাৰতীয় ক্ৰিকেট দলৰ বলাৰ মহম্মদ স্বামীকো লক্ষ্য কৰি আক্ৰমণাত্মক মন্তব্য কৰে বিভিন্নজনে।
সেই সময়ত মহম্মদ স্বামীৰ পক্ষত থিয় দিছিল বিৰাট কোহলী। ধৰ্মক কেন্দ্ৰ কৰি বলাৰ মহম্মদ স্বামীক আক্ৰমণ কৰা ঘটনাক তীব্ৰ ভাষাৰে গৰিহণা দিয়াৰ লগতে ক্ৰিকেটাৰ কোহলীয়ে কৈছিল, ‘ধৰ্মক কেন্দ্ৰ কৰি কোনো ব্যক্তিকে আক্ৰমণ কৰাটো মানুহ হিচাপে কৰিব পৰা আটাইতকৈ দুখ লগা কথা। ধৰ্ম হৈছে যথেষ্ট পবিত্ৰ আৰু ব্যক্তিগত কথা। মানুহে হতাশ হ’লেহে এনে ধৰণৰ কাম কৰে’। নিউজিলেণ্ডৰ সৈতে হোৱা অন্তিমখন মেচৰ পূৰ্বে হোৱা সংবাদমেলত এই কথা ব্যক্ত কৰিছিল বিৰাট কোহলীয়ে। বিৰাট কোহলীয়ে চামীৰ সমৰ্থনত মন্তব্য কৰাক কেন্দ্ৰ কৰি জাঙুৰ খাই উঠে অনুৰাগী। বহুতেই কোহলীক কটু মন্তব্যৰে থকা-সৰকা কৰাৰ লগতে বিৰাট কোহলীৰ জীয়ৰীক ধৰ্ষণ কৰাৰো ভাবুকি দিয়ে।
ঘটনাক কেন্দ্ৰ কৰি উত্তপ্ত হৈ পৰে পৰস্থিতি। আনহাতে, বিৰাট কোহলী আৰু মহম্মদ চামীক আশ্বাস দি টুইটাৰযোগে এক বাৰ্তা প্ৰেৰণ কৰে কংগ্ৰেছৰ সভাপতি ৰাহুল গান্ধীয়ে। ক্ৰিকেটাৰ বিৰাট কোহলীকো আশ্বাস দি ৰাহুল গান্ধীয়ে কৰে এই টুইট, মৰমৰ বিৰাট, এইসকল মানুহৰ মন হিংসাৰে ভৰি আছে। কোনেও তেওঁলোকক মৰম নিদিয়ে, তেওঁলোকক ক্ষমা কৰি দিবা। দলটো সুৰক্ষিত কৰি ৰাখা।
লগতে, মহম্মদ চামীক উদ্দেশ্যি তেওঁ কয় যে,’ আমি সকলো আপোনাৰ লগতে আছো। যিসকল লোকে আপোনাক এনে কথা কৈছে, সেইসকল লোকৰ মনত হিংসা ভৰি আছে, কোনেও তেওঁলোকক মৰম নিদিয়ে, তেওঁলোকক ক্ষমা কৰিবা’।
Dear Virat,
These people are filled with hate because nobody gives them any love. Forgive them.
Protect the team.
— Rahul Gandhi (@RahulGandhi) November 2, 2021
অৱশ্যে, দিল্লী আৰক্ষীয়ে এই ঘটনা সন্দৰ্ভত কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া পৰৱৰ্তী সময়তহে লক্ষণীয় হ’ব।