অসম

অসমীয়া বোলছবিৰ প্ৰথমগৰাকী অভিনেত্ৰী আইদেউ সন্দিকৈৰ আজি মৃত্যুবাৰ্ষিকী

''জয়মতী'' চলচ্চিত্ৰৰ মূল চৰিত্ৰটোৰ দৰে ত্যাগৰ মাজেৰে যুগান্তকাৰী অৱদান আগবঢ়োৱা আইদেউ সন্দিকৈ অসমৰ সমাজ জীৱনত চিৰদিন অমৰ হৈ ৰ'ব

অসমীয়া চলচ্চিত্ৰৰ প্ৰথমগৰাকী মহিলা অভিনেত্ৰী আইদেউ সন্দিকৈ৷ জ্যোতিপ্ৰসাদ আগৰৱালাৰদ্বাৰা নিৰ্মিত প্ৰথম অসমীয়া বোলছবি “জয়মতী”ত (১৯৩৫) নাম ভূমিকাৰে অভিনয় কৰি প্ৰথম অসমীয়া চলচ্চিত্ৰ অভিনেত্ৰী হোৱাৰ গৌৰৱ লাভ কৰে এইগৰাকী মহিয়ান মহিলাই। কিন্তু এই চলচিত্ৰখনত অভিনয় কৰাৰ বাবে এইগৰাকী মহিলাই সমগ্ৰ জীৱন সমাজৰ পৰা এঘৰীয়া হৈ অবিবাহিত জীৱন অতিবাহিত কৰিবলগীয়া হৈছিল৷ কিন্তু মৃত্যুৰ পাছতো এইগৰাকী মহিয়ান নাৰী ৰজাঘৰৰ পৰা অৱহেলিত হৈ থাকিল ৷

Remembering Aideu Handique: The icon of 'Nari Sakthi

”জয়মতী” চলচ্চিত্ৰৰ মূল চৰিত্ৰটোৰ দৰে ত্যাগৰ মাজেৰে যুগান্তকাৰী অৱদান আগবঢ়োৱা আইদেউ সন্দিকৈ অসমৰ সমাজ জীৱনত চিৰদিন অমৰ হৈ ৰ’ব। অসমীয়া চলচ্চিত্ৰৰ আলোকময়ী যাত্ৰাৰ সাহসী পথিক, চিৰনমস্য অভিনেত্ৰী আইদেউ সন্দিকৈলৈ স্মৃতি দিৱসত সশ্ৰদ্ধ প্ৰণিপাত

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

12 − five =

Back to top button