অসমঅসম আৰক্ষীদুৰ্ঘটনাদৈনিক বাতৰি

যোৰহাটৰ ভোগদৈ নদীত যুৱকৰ সলিল সমাধি, নদীত গা ধুবলৈ গৈ মৃত্যু মুখত পৰিল যোৰহাটৰ সমুজ্বল বৰা

দুই বন্ধুৰ সৈতে নদীত গা ধুবলৈ গৈ পানীত ডুব গৈছিল যুৱকজন

যোৰহাটৰ ভোগদৈ নদীত যুৱকৰ সলিল সমাধি, দুই বন্ধুৰ সৈতে নদীত গা ধুবলৈ গৈ পানীত ডুব গৈছিল যুৱকজন

যোৰহাটৰ মনাইমাঝি গাঁৱৰ ভোগদৈ নদীত দেওবাৰে দুপৰীয়া সংঘটিত হয় এক অতি দুৰ্ভাগ্যজনক ঘটনা। ভোগদৈ নদীৰ দলঙৰ তলতে বন্ধুৰ সৈতে গা ধুবলৈ আহি সলিল সমাধি ঘটে এজন যুৱকৰ। যুৱকজন মনাইমাঝি গাঁৱৰ সমুজ্জ্বল বৰা ওৰফে ধন বুলি জানিব পৰা গৈছে।

ঘটনাৰ পিছতে অঞ্চলটোত হুৱাদুৱা লাগে। একাংশ স্থানীয় লোকে ভোগদৈৰ (Bhogdoi River) পানীত সন্ধানহীন হোৱা যুৱকজনৰ সন্ধানত অভিযান চলায়। এছ ডি আৰ এফ বাহিনীয়েও যুৱকজনৰ সন্ধানত উদ্ধাৰ অভিযান আৰম্ভ কৰে।

এগৰাকী স্থানীয় যুৱকে অৱশেষত যুৱকজনৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হয়। হঠাৎ সংঘটিত এই দুৰ্ভাগ্যজনক ঘটনাই সমগ্ৰ অঞ্চলটোৰ লোকসকলক শোকাহত কৰিছে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

two + one =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.