অসমঅসম আৰক্ষীগুৱাহাটী

চাইবাৰ অপৰাধক লৈ উদ্বিগ্ন অসম আৰক্ষী, মহানগৰ আৰক্ষী আযুক্ত দিগন্ত বৰাৰ সাৱধানী বাৰ্তা

ভয়ংকৰ হাৰত ৰাজ্যত জাল পেলাইছে চাইবাৰ অপৰাধীয়ে

ভয়ংকৰ হাৰত ৰাজ্যত জাল পেলাইছে চাইবাৰ অপৰাধীয়ে ৷ সুযোগ পালেই সৰ্বস্বান্ত কৰিছে বহুজনক৷ শেহতীয়াকৈ চাইবাৰ অপৰাধীয়ে টাৰ্গেট হিচাপে লৈছে অসমৰ একাংশ পৰিচিত ব্যক্তিক ৷

এনে চাইবাৰ অপৰাধীৰ বিৰুদ্ধে সকলোকে সজাগ হোৱাৰ আহ্বান আৰক্ষী আয়ুক্ত IPS দিগন্ত বৰাৰ ৷ সামাজিক মাধ্যমযোগে আয়ুক্তগৰাকীয়ে ৰাইজক কয় যে ফেচবুক অথবা হোৱাটছএপৰ জৰিয়তে এতিয়া সহজেই যিকোনো লোকক টাৰ্গেট কৰে চাইবাৰ অপৰাধীয়ে৷ চিনাকি ব্যক্তিৰ নামত ফেক একাউন্টৰ জৰিয়তে ধন বিচাৰি মেচেজ দিয়ে চাইবাৰ অপৰাধীয়ে ৷

চাইবাৰ অপৰাধক লৈ উদ্বিগ্ন অসম আৰক্ষী, মহানগৰ আৰক্ষী আযুক্ত দিগন্ত বৰাৰ সাৱধানী বাৰ্তা

গতিকে এনে মেচেজৰ কোনো তথ্য প্ৰমাণ নোহোৱাকৈ ধন নিদিবলৈ আহ্বান ৰাইজক৷ অনুৰূপধৰণে চাইবাৰ অপৰাধীয়ে চিনাকি লোকৰ ফটো ব্যৱহাৰেৰে হোৱাটছএপৰ জৰিয়তেও বিচাৰে ধন৷ এনে পৰিস্থিতিত তেওঁ কয় যে ৰাজ্যত বাঢ়িছে চাইবাৰ অপৰাধী ৷ গতিকে সকলো সাৱধান হ’ব এনে অপৰাধীৰ বিৰুদ্ধে ৷ অধিক সজাগতাইহে ৰোধ কৰিব চাইবাৰ অপৰাধ ৷

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

4 × four =

Back to top button