Assamleatest updateঅসমআঞ্চলিকদৈনিক বাতৰিৰাজনৈতিক

হাতত কৰণি লৈ এইবাৰ‌ ৰাজ মিস্ত্ৰী ৰূপত অসম চৰকাৰৰ এগৰাকী কেবিনেট মন্ত্ৰী আৰু বিধায়ক। কোন এই গৰাকী ব্যতিক্ৰম কেবিনেট মন্ত্ৰী ?

মিস্ত্ৰী ৰূপত অসম চৰকাৰৰ এগৰাকী কেবিনেট মন্ত্ৰী আৰু বিধায়ক

আপুনি বাৰু অনুমান কৰিব পাৰিছে নে? হয় এই দুজন হৈছে ৰাজ্যৰ পঞ্চায়ত ও গ্ৰামোন্নয়ন মন্ত্ৰী ৰনজিৎ কুমাৰ দাস আৰু নাহৰকটীয়াৰ বিধায়ক তৰংগ গগৈ। উল্লেখযোগ্য যে ভাৰতবৰ্ষৰ ভিতৰত প্ৰথম সৰ্ববৃহৎ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ আৱাসিক আদৰ্শ কলনী খনৰ কাম অসমত আৰম্ভ কৰা হৈছে। নাহৰকটীয়া বিধানসভা সমষ্টিৰ অন্তৰ্গত এই আৱাসিক কলনী খনৰ কামৰ বুজ লোৱা পিছত এইদৰে মিস্ত্ৰীৰ ৰূপত দেখা গ’ল মন্ত্ৰী গৰাকীক।

হাতত কৰণি লৈ এইবাৰ‌ ৰাজ মিস্ত্ৰী ৰূপত অসম চৰকাৰৰ এগৰাকী কেবিনেট মন্ত্ৰী আৰু বিধায়ক। কোন এই গৰাকী ব্যতিক্ৰম কেবিনেট মন্ত্ৰী ?

৩২বিঘা মাটি সামৰি নিৰ্মাণ কাৰ্য আৰম্ভ কৰা এই আৱাসিক এলেকা টো মাঘ বিহুৰ প্ৰাকক্ষণত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শর্মা ই শুভ উদ্বোধন কৰিব। এখন আদৰ্শ গাঁওত থকাৰ দৰে সকলো ধৰণৰ সুবিধাৰে নিৰ্মাণ কৰা হৈছে এই কলনী খন । এই আদৰ্শ আৱাসিক কলনী খনত ১১৩ গৰাকী হিতাধিকাৰীয়ে বসবাস কৰিব পৰাকৈ আবাসৰ লগতে সৌৰ শক্তিৰ ব্যৱস্থা, বিশুদ্ধ খোৱা পানী,অনাময় আঁচনি, শিশু উদ্যানৰ ব্যৱস্থা নিৰ্মান কৰা হ’ব।

 

নাহৰকটীয়া বিধানসভা সমষ্টিৰ বিধায়ক তৰংগ গগৈ আৰু জয়পুৰ উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া ৰঞ্জিত বুঢ়াগোহাঁইৰ তত্বাৱধানত নিৰ্মাণ কাৰ্য চলি আছে এই আৱাসিক কলনী খনৰ। নামচাংৰ দৰে এখন ভিতৰুৱা চাহ বাগিচাত কেন্দ্ৰীয় চৰকাৰে স্থাপন কৰিবলৈ আগ্ৰহ প্ৰদান কৰাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক বিশেষ ভাৱে ধন্যবাদ জ্ঞাপন কৰে মন্ত্ৰী গৰাকীয়ে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

1 × 5 =

Back to top button