শ্ৰেণীবিহীন

আকৌ এবাৰ অসমৰ ভূমি বলপূৰ্বক দখলৰ চেষ্টা মিজো দুৰ্বৃত্তৰ।

নিৰাপত্তা হীনতাত সীমান্ত এলেকাৰ লোকসকল...

হাইলাকান্দি জিলাৰ অসম মিজোৰাম সিমান্তত পুনৰ মিজোৰামৰ আগ্ৰাসন । আকৌ এবাৰ অসমৰ ভূমি বলপূৰ্বক দখলৰ চেষ্টা মিজো দুৰ্বৃত্তৰ। হাইলাকান্দি জিলাৰ অসম মিজোৰাম সীমান্তবৰ্তী গল্লাছেৰা এলেকাত অসমৰ সংৰক্ষিত বনাঞ্চল এলেকাত প্ৰৱেশ কৰি বনাঞ্চল ধ্বংস কৰাৰ লগতে জেচিবি ব্যৱহাৰ কৰি পাহাৰৰ মাটি কাটি পথ নিৰ্মাণৰ কাম আৰম্ভ কৰিছে মিজোৰামে।

ইয়াৰ পূৰ্বেও বহুবাৰ এই এলেকাত অগ্ৰাসন চলাইছিলে মিজো নাগৰিকসকলে। পুনৰ মিজোৰামৰ এনে আগ্ৰাসনৰ ফলতে এতিয়া নিৰাপত্তা হীনতাত ভূগিছে সীমান্ত এলেকাৰ লোকসকল। কাটলিছেৰা সমষ্টিৰ বিধায়ক সুজাম উদ্দিন চৌধুৰীয়ে সীমান্ত সমস্যাৰ স্থায়ী সমাধানৰ বাবে মূখ্যমন্ত্ৰীৰ হস্তক্ষেপ দাবী কৰিছে। লগতে সীমান্ত এলেকাৰ বাবে এটা বিশেষ আৰক্ষী বাহিনী মোতায়েন কৰাৰো দাবী জনাইছে।

Pratham Khabar News

প্ৰথম খবৰ 24/7 হৈছে অসমীয়া ছেটেলাইট নিউজ চেনেল 'নিউজ টাইম অসম'ৰ ৱেব চাইট। যি আপোনাক স্থানীয় আৰু লগতে দেশ-বিদেশৰ শেহতীয়া খবৰ দি থাকে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

14 − seven =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.