আকৌ এবাৰ অসমৰ ভূমি বলপূৰ্বক দখলৰ চেষ্টা মিজো দুৰ্বৃত্তৰ।
নিৰাপত্তা হীনতাত সীমান্ত এলেকাৰ লোকসকল...
![আকৌ এবাৰ অসমৰ ভূমি বলপূৰ্বক দখলৰ চেষ্টা মিজো দুৰ্বৃত্তৰ। আকৌ এবাৰ অসমৰ ভূমি বলপূৰ্বক দখলৰ চেষ্টা মিজো দুৰ্বৃত্তৰ।](https://prathamkhabartv.com/wp-content/uploads/2023/06/mizoram--780x470.jpg)
হাইলাকান্দি জিলাৰ অসম মিজোৰাম সিমান্তত পুনৰ মিজোৰামৰ আগ্ৰাসন । আকৌ এবাৰ অসমৰ ভূমি বলপূৰ্বক দখলৰ চেষ্টা মিজো দুৰ্বৃত্তৰ। হাইলাকান্দি জিলাৰ অসম মিজোৰাম সীমান্তবৰ্তী গল্লাছেৰা এলেকাত অসমৰ সংৰক্ষিত বনাঞ্চল এলেকাত প্ৰৱেশ কৰি বনাঞ্চল ধ্বংস কৰাৰ লগতে জেচিবি ব্যৱহাৰ কৰি পাহাৰৰ মাটি কাটি পথ নিৰ্মাণৰ কাম আৰম্ভ কৰিছে মিজোৰামে।
ইয়াৰ পূৰ্বেও বহুবাৰ এই এলেকাত অগ্ৰাসন চলাইছিলে মিজো নাগৰিকসকলে। পুনৰ মিজোৰামৰ এনে আগ্ৰাসনৰ ফলতে এতিয়া নিৰাপত্তা হীনতাত ভূগিছে সীমান্ত এলেকাৰ লোকসকল। কাটলিছেৰা সমষ্টিৰ বিধায়ক সুজাম উদ্দিন চৌধুৰীয়ে সীমান্ত সমস্যাৰ স্থায়ী সমাধানৰ বাবে মূখ্যমন্ত্ৰীৰ হস্তক্ষেপ দাবী কৰিছে। লগতে সীমান্ত এলেকাৰ বাবে এটা বিশেষ আৰক্ষী বাহিনী মোতায়েন কৰাৰো দাবী জনাইছে।