অসমআন্তঃৰাষ্ট্ৰীয়দৈনিক বাতৰি

ইউক্ৰেইনত আৱদ্ধ অসমৰ শিক্ষাৰ্থীক উদ্ধাৰৰ বাবে প্ৰতিজ্ঞাবদ্ধ অসম চৰকাৰ…

বৰ্তমান অসমৰ ১৯৭জন যুৱক-যুৱতী বন্দী হৈ আছে ইউক্ৰেইনত। ৮৫ জনে ইতিমধ্যে ভৰি থৈছে গৃহভূমিত

ইউক্ৰেইনত আৱদ্ধ যুৱক-যুৱতীক তদাৰক ৰাজ্য চৰকাৰৰ। বিতংভাৱে জনালে গৃহবিভাগৰ আয়ুক্ত সচিব দিগন্ত বৰাই। শিক্ষাৰ্থীসকলক অসমলৈ ঘূৰাই অনাৰ ক্ষেত্ৰত বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে। বৈদেশিক মন্ত্ৰণালয়ৰ লগতো যোগাযোগত আছে ৰাজ্য চৰকাৰ।

 

ৰাজ্য চৰকাৰে গঠন কৰিছে এটা বিশেষ দল। এই দলটোৰ ন’ডল অফিচাৰ হৈছে গৃহবিভাগৰ আয়ুক্ত সচিব দিগন্ত বৰা।
৬-৭ জনীয়া দলে প্ৰতিটো মুহূৰ্তত খবৰ লৈছে ইউক্ৰেইনত আৱদ্ধ হৈ থকা শিক্ষাৰ্থীসকলৰ। কাহিলিপাৰা SBৰ ছাইবাৰ ড’মত থকা এটা দলে যোগাযোগ কৰিছে শিক্ষাৰ্থীসকলৰ সৈতে।

 

উল্লেখ্য যে, বৰ্তমান অসমৰ ১৯৭জন যুৱক-যুৱতী বন্দী হৈ আছে ইউক্ৰেইনত। ৮৫ জনে ইতিমধ্যে ভৰি থৈছে গৃহভূমিত।
এই বিষয়টো গুৰুত্বসহকাৰে লৈছে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই। ভাৰতত উপস্থিত হোৱা শিক্ষাৰ্থীসকলৰ বিনামূলীয়া চিকিৎসাৰো ব্যৱস্থা কৰিছে ৰাজ্য চৰকাৰে। আনহাতে, পাছপ’ৰ্ট হেৰুৱাই বিপদত পৰিছে অসমৰ শিক্ষাৰ্থী। পাছপ’ৰ্ট হেৰুওৱা শিক্ষাৰ্থীক শীঘ্ৰেই উভতাই অনাৰ ব্যৱস্থা কৰিছে চৰকাৰে। ৰাজ্য চৰকাৰে মুকলি কৰিছে দুটা হেল্পলাইন নম্বৰ। অসম পুলিচৰ হেল্পলাইন নম্বৰ দুটা হৈছে-6026900968 আৰু 6026901060।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

2 + 6 =

Back to top button