leatest updateঅসমদৈনিক বাতৰিভাৰত

অভিনেত্ৰী ৰবীনা টেণ্ডনলৈ ডঃ ভূপেন হাজৰিকা বঁটা।

বেলতলা ব’হাগী উৎসৱ সমিতিয়ে প্ৰদান কৰে এই বঁটা।

পদ্মশ্ৰী সন্মানেৰে বিভূষিত ভাৰতৰ বোলছবি জগতৰ বিশিষ্ট অভিনেত্ৰী ৰবীনা টেণ্ডনলৈ ডঃ ভূপেন হাজৰিকা বঁটা। বেলতলা ব’হাগী উৎসৱ সমিতিয়ে প্ৰদান কৰে এই বঁটা। মুম্বাইৰ বান্দ্ৰাৰ নিলয় এপার্টমেন্টত থকা অভিনেত্ৰীগৰাকীৰ আৱাসত বেলতলা ব’হাগী উৎসৱ সমিতিৰ বিষয়ববীয়াসকল উপস্থিত হৈ অভিনেত্ৰীগৰাকীক এই বঁটা’ প্ৰদান কৰাৰ লগতে গামোচা, ভূপেন হাজৰিকাৰ আৱক্ষ মূৰ্তি স্মাৰক, সম্বৰ্ধনা পত্র, আলোৱান, গঁড়ৰ মূৰ্তি এটাৰ লগতে শৰাই আৰু জাপিৰে সন্মানিত কৰে।

যোৱা ২২ এপ্ৰিলত আছিল বঁটা প্ৰদান অনুষ্ঠান। অসুস্থতাৰ বাবে উপস্থিত হ’ব পৰা নাছিল অভিনেত্ৰীগৰাকী। অভিনেত্ৰীগৰাকীয়েও অসমৰ বাৰেৰহণীয়া সাংস্কৃতিক জগতখনৰ বিষয়ে জানিব পাৰি অসমলৈ অহাৰ প্ৰতিশ্ৰুতি দিয়াৰ লগতে অসম তথা বেলতলা ব’হাগী উৎসৱ সমিতিক ধন্যবাদ জ্ঞাপন কৰে ।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

4 × five =

Back to top button