Assamassam policeCity newsCMO AssamElectionHimanta Biswa Sarmaleatest updatenationalnorth eastPMo indiapoliticalRegionalঅসমঅসম আৰক্ষীআঞ্চলিকগুৱাহাটীদৈনিক বাতৰিবোলছবিৰাজনৈতিক

অসম আৰক্ষী সঞ্চালক প্ৰধানক ৰাহুল গান্ধীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰাৰ নিৰ্দেশ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

ৰাহুল গান্ধীৰ লগতে কেইবাগৰাকীও কংগ্ৰেছ নেতাৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিবলৈ টুইট যোগে নিৰ্দেশ দিছে অসম আৰক্ষী সঞ্চালক প্ৰধানক।

মঙলবাৰে গুৱাহাটীত প্ৰৱেশ কৰে ৰাহুল গান্ধীৰ নেতৃত্বত চলি থকা কংগ্ৰেছৰ ভাৰত জোড়ো ন্যায় যাত্ৰা। মূখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশ মৰ্মে অসম আৰক্ষীয়ে এই যাত্ৰা গুৱাহাটীত প্ৰৱেশত বাধা প্ৰদানৰ পিছতেই সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ।

উল্লেখ্য যে কংগ্ৰেছ কৰ্মীসকলে এই বাধাক আওকাণ কৰি আৰক্ষীৰ বেৰিকেড ভাঙি যাত্ৰা আগবঢ়াই নিয়াৰ চেষ্টা কৰাত আৰক্ষী আৰু কংগ্ৰেছ কৰ্মীসকলৰ মাজত হতাহতি আৰম্ভ হয়।

এই ঘটনাৰ পিছতেই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জনসমাজত উচতনিমূলক বক্তব্য প্ৰদানৰ অভিযোগত ৰাহুল গান্ধীৰ লগতে কেইবাগৰাকীও কংগ্ৰেছ নেতাৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিবলৈ টুইট যোগে নিৰ্দেশ দিছে অসম আৰক্ষী সঞ্চালক প্ৰধানক। এই ঘটনাক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নক্সালবাদী কৌশল আখ্যা দিছে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

4 × four =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.