উৎসৱকৃষিখাদ্যমনোৰঞ্জনসংস্কৃতি

আলি আই লৃগাঙলৈ মাজত মাথোন কেইটামান দিন! ব্যস্ততাৰ অন্ত নোহোৱা হৈছে ৰাজ্যবাসীৰ

প্ৰান্তে প্ৰান্তে ঢোলৰ গুমগুমনি আৰু ঐনিতমৰ ছন্দত মুখৰিত হৈ পৰিছে

গোগামুখ সোৱণশিৰিত গুমৰাগ নৃত্যৰ কৰ্মশালা।

মিচিং জনগোষ্ঠীয় লোকসকলৰ কৃষিভিত্তিক উৎসৱ আলি আই লৃগাঙলৈ মাজত মাথোন কেইটামান দিন বাকী। লৃগাঙলৈ যিমানেই দিন চমু চাপি আহিছে ইমানেই ব্যস্ততাৰ অন্ত নোহোৱা হৈছে বিহুবলীয়া ৰাইজৰ। প্ৰান্তে প্ৰান্তে ঢোলৰ গুমগুমনি আৰু ঐনিতমৰ ছন্দত মুখৰিত হৈ পৰিছে। কনেংহতেও তাতশালত ৰিবি্গাচেং,মাপলাৰ বোৱাত ব্যস্ত হৈ পৰিছে। যেন অ-ঘোষিত প্ৰতিযোগিতাতহে নামি পৰিছে কনেংহত। মুঠৰ ওপৰত আলি আই লৃগাঙক আদৰাৰ বাবে ৰাজ্যবাসীৰ সীমাহীন উচাহৰ অন্ত নোহোৱা হৈছে।

সোৱণশিৰিটো তাৰ ব্যতিক্ৰম নহয়। লৃগাঙৰ বাবে কণ কণ ২০ গৰাকী শিশুক বিনামূলীয়াকৈ নিজা প্ৰচেষ্টাত এমাহজোৰা গুমৰাগ নৃত্যৰ আখৰা কৰাত ব্যস্ত হৈ পৰিছে শৈলেন মেদক নামৰ এগৰাকী সাংস্কৃতিক প্ৰেমী। কণ কণ শিশুহতেও ঢোলৰ তালে তালে ঐনিতমৰ ছন্দত গুমৰাগ নৃত্যৰ আখৰা কৰাত ব্যস্ত।

prathamkhabarnews

প্ৰথম খবৰ 24/7 হৈছে অসমীয়া ছেটেলাইট নিউজ চেনেল 'নিউজ টাইম অসম'ৰ ৱেব চাইট। যি আপোনাক স্থানীয় আৰু লগতে দেশ-বিদেশৰ শেহতীয়া খবৰ দি থাকে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

4 × 4 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.