জ্যোতিৰ্বিজ্ঞানদৈনিক বাতৰিপ্ৰযুক্তিবিজ্ঞানবিশ্ব

মানৱ সভ্যতালৈ আহিছে নেকি ভাবুকি? অহা মাহত ভয়াবহ বিপদৰ সন্মুখীন হ’ব পাৰে বিশ্ববাসী…

ঘণ্টাত ২৬,৮০০ মাইল বেগত পৃথিৱীৰ ফালে দ্ৰুত গতিত আগবাঢ়ি আহি আছে গ্ৰহাণু

গ্ৰহাণুবোৰ সদায় পৃথিৱী আৰু মানৱ জাতিৰ বাবে এক ডাঙৰ ভাবুকি হৈ আহিছে। এটা বিশাল গ্ৰহাণুৰ আঘাতে মানুহৰ অস্তিত্ব ধ্বংস কৰিব পাৰে।

এটা গ্ৰহাণু প্ৰতি ঘণ্টাত ২৬,৮০০ মাইল বেগত পৃথিৱীৰ ফালে দ্ৰুত গতিত আগবাঢ়ি আহি আছে। যদি ই বৰ্তমানৰ গতিত আহি থাকে আৰু ইয়াৰ দিশ সলনি নকৰে, তেন্তে পৃথিৱীত এক ডাঙৰ সংকট হ’ব পাৰে। শেহতীয়াকৈ বিজ্ঞানীসকলৰ দ্বাৰা প্ৰকাশ কৰা হৈছে এই তথ্যও।

প্ৰতিবেদন অনুসৰি, অহা ৪ মাৰ্চত ভাৰতীয় সময় অনুসৰি দুপৰীয়া ১.৩০ বজাত পৃথিৱীৰ ওচৰৰ পৰা এটা বিশাল গ্ৰহাণুটো পাৰ হ’ব।

গ্ৰহাণুটো পৃথিৱী আৰু মানৱ জাতিৰ বাবে এক ভাবুকি হৈ আহিছে। ইটালীৰ ভাৰ্চুৱেল টেলিস্কোপ প্ৰকল্পৰ জ্যোতিৰ্বিজ্ঞানী জিয়ানলুকা মাচিয়ে পৃথিৱীৰ ফালে আগবাঢ়ি অহা সম্ভাৱ্য বিপদজনক গ্ৰহাণুৰ ইতিমধ্যে ফটো তুলিবলে সক্ষম হৈছে।
বিজ্ঞানীসকলে কৈছিল যে এই গ্ৰহাণুটোৱে ৩৮৪ দিনত সূৰ্যৰ পৰিভ্ৰমণ সম্পূৰ্ণ কৰে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

12 + 13 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.