অসমদুৰ্ঘটনাদৈনিক বাতৰি

ভয়ংকৰ! দিন দুপৰতে অগ্নিদগ্ধ হ’ল এজন লোক…

নুনমাটিৰ ৰাজপথৰ কাষতে অতিমাত্ৰ শীতৰ বাবে জুই জ্বলাই জুই পুৱাই থাকোতে হঠাতে অগ্নিদগ্ধ হ'ল পদপথত থকা এজন অচিনাক্ত ভিক্ষাৰী

নুনমাটিৰ ৰাজপথৰ কাষতে অতিমাত্ৰ শীতৰ বাবে জুই জ্বলাই জুই পুৱাই থাকোতে হঠাতে অগ্নিদগ্ধ হ’ল পদপথত থকা এজন অচিনাক্ত ভিক্ষাৰী। স্থানীয় লোকে জনোৱা মতে, অচিনাক্ত ভিক্ষাৰীজনে বহুদিন ধৰি পদপথৰ কাষতে আছিল।

দিন দুপৰতে জুই জ্বলাই জুই পুৱাই থাকোঁতে হঠাৎ জুইত অগ্নিদগ্ধ হয় অচিনাক্ত ভিক্ষাৰীজন। ঘটনা সংঘটিত হোৱাৰ পিছতেই স্থানীয়লোকৰ তৎপৰতাতেই অগ্নিদগ্ধ হোৱা লোকজন কোনোমতে ৰক্ষা পৰে।

লোকজন দেহৰ প্ৰায় অৰ্দ্ধসংখ্যক অগ্নিদগ্ধ হয়। স্থানীয় লোকে নুনমাটি আৰক্ষীৰ লোকক খবৰ দিয়াত নুনমাটি আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ লগে লগে সংকটজনক অৱস্থাত লোকজনক 108 যোগে GMCH হাস্পিতাললৈ প্রেৰণ কৰে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

eleven − 6 =

Back to top button