Socialঅপৰাধবলিউড

কিং খানৰ পুত্ৰ আৰিয়ান খানক গাঞ্জা যোগান ধৰিছিল অভিনেত্ৰী অনন্যা পাণ্ডেই!

আৰিয়ানৰ প্ৰশ্নৰ উত্তৰত অনন্যাই গাঞ্জা যোগাৰ কৰাৰ কথাও উল্লেখ কৰিছিল যদিও বৃহস্পতিবাৰে, NCBয়ে অভিনেত্ৰীগৰাকীৰ বাসগৃহত তালাচী চলোৱাৰ সময়ত অভিনেত্ৰীগৰাকীক গাঞ্জা সৰবৰাহ কৰাৰ বিষয়ে সোধাত তেওঁ কয় যে, 'মই মাত্ৰ ধেমালিহে কৰিছিলো'।

এইবাৰ NCBৰ জেৰাত বলিউডৰ অভিনেত্ৰী অনন্যা পাণ্ডে। আৰিয়ান খানৰ ঘটনাত সাঙুৰ খাইছে অভিনেত্ৰীগৰাকীৰ নাম। বৃহস্পতিবাৰে অভিনেত্ৰীগৰাকীক জেৰা কৰে NCBৰ দলে।

আৰিয়ান খান আৰু অনন্যা পাণ্ডেৰ মাজত হোৱা কথোপকথনৰ কথা উল্লেখ কৰি NCBয়ে কয় যে, আৰিয়ান আৰু অনন্যাই মেছেজৰ জৰিয়তে গাঞ্জা সৰবৰাহ কৰাৰ কথা পাতিছিল। আনকি আৰিয়ানে অনন্যাক গাঞ্জা যোগাৰৰ কোনো ব্যৱস্থা আছে নেকি বুলি প্ৰশ্ন কৰাত গাঞ্জা যোগাৰ কৰাৰ কথা কৈছিল অনন্যা পাণ্ডেই।

পিছে আৰিয়ানৰ প্ৰশ্নৰ উত্তৰত অনন্যাই গাঞ্জা যোগাৰ কৰাৰ কথাও উল্লেখ কৰিছিল যদিও বৃহস্পতিবাৰে, NCBয়ে অভিনেত্ৰীগৰাকীৰ বাসগৃহত তালাচী চলোৱাৰ সময়ত অভিনেত্ৰীগৰাকীক গাঞ্জা সৰবৰাহ কৰাৰ বিষয়ে সোধাত তেওঁ কয় যে, ‘মই মাত্ৰ ধেমালিহে কৰিছিলো’।

উল্লেখ্য যে, বৃহস্পতিবাৰে মুম্বাইত NCBয়ে অনন্যা পাণ্ডে আৰু চাংকি পাণ্ডেৰ বাসগৃহত তালাচী চলোৱাৰ সমান্তৰালকৈ ২ ঘন্টাৰ বাবে জেৰা কৰে অভিনেত্ৰী অনন্যাক। শুকুৰবাৰে পুনৰ জেৰাৰ বাবে অভিনেত্ৰীগৰাকীক মাতি পঠিয়ায় NCBয়ে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

eleven − four =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.