দুৰ্ঘটনা

মুম্বাইৰ বিলাসীপূৰ্ণ আৱাসিক এপাৰ্টমেন্টৰ ১৯ নম্বৰ মহলাত বিধ্বংসী অগ্নিকাণ্ড, বিল্ডিঙৰ পৰা সৰি পৰিল এজন লোক…

ঘটনাস্থলীত উপস্থিত হয় ১২টা অগ্নি নিৰ্বাপক ইঞ্জিন আৰু পানীৰ টেংকাৰ। অগ্নি নিৰ্বাপক বাহিনী আৰু উদ্ধাৰকাৰী দলে পৰিস্থিতি কিছু নিয়ন্ত্ৰণলৈ আনিবলৈ সক্ষম হয়।

মায়ানগৰী মুম্বাইত বিধ্বংসী অগ্নিকাণ্ড। দক্ষিণ মুম্বাইৰ লালবৌগ অঞ্চলৰ এটা আৱাসিক এপাৰ্টমেন্টৰ ১৯ নম্বৰ মহলাত সংঘটিত এই অগ্নিকাণ্ড।

মুম্বাইৰ বিলাসীপূৰ্ণ Avighna Park Societyত শুকুৰবাৰে দুপৰীয়াৰ ভাগত অগ্নিৰ সূত্ৰপাত হয়। জুইয়ে আৱৰি ধৰে বিল্ডিঙৰ ১৯ নম্বৰ মহলাটো। ততালিকে জুইৰ ক’লা ধোৱাই আগুৰি ধৰে চৌপাশ।

ঘটনাস্থলীত উপস্থিত হয় ১২টা অগ্নি নিৰ্বাপক ইঞ্জিন আৰু পানীৰ টেংকাৰ। অগ্নি নিৰ্বাপক বাহিনী আৰু উদ্ধাৰকাৰী দলে পৰিস্থিতি কিছু নিয়ন্ত্ৰণলৈ আনিবলৈ সক্ষম হয়।

অগ্নিকাণ্ডৰ ফলত এজন লোক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়। বিল্ডিঙৰ পৰা সৰি পৰিল এজন লোক। ততাতৈয়াকৈ আহত লোকজনক হাস্পতাললৈ লৈ যোৱা হয়। এতিয়াও বিল্ডিঙত আৱদ্ধ হৈ আছে সৰহ সংখ্যক লোক।

এই অগ্নিকাণ্ডৰ ফলত অঞ্চলটোত ব্যাহত হৈ পৰিছে যাতায়াত ব্যৱস্থা। অৱশ্যে অগ্নিৰ সূত্ৰপাতৰ প্ৰকৃত কাৰণ এতিয়াও জানিব পৰা হোৱা নাই।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

seventeen + 8 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.