Assamassam policeCity newsFestivalHimanta Biswa Sarmaleatest updatenationalRegionalSocial

অম্বুবাচী মেলাক লৈ তৎপৰ প্ৰশাসন।

মা কামাখ্যা মন্দিৰ অভিমুখী পথৰ ক্ষেত্ৰত নিৰ্দেশনা আৰক্ষী প্ৰশাসনৰ...

আজিৰে পৰা আৰম্ভ মহা অম্বুবাচী মেলা। পুৱা ৮ বাজি ৪৩ মিনিট ৩৯ ছেকেণ্ডত অম্বুবাচীৰ প্ৰবৃত্তি। মঙলবাৰে নিশা ৯ বাজি ৭ মিনিট ১৯ ছেকেণ্ডত নিবৃত্তি। দেশী-বিদেশী ভক্তই ভিৰ কৰিছে নীলাচলৰ বুকুত। ২৬ জুনলৈকে বন্ধ থাকিব মন্দিৰৰ মূল দুৱাৰ।

অম্বুবাচী মেলাক লৈ তৎপৰ প্ৰশাসন। মন্দিৰ প্ৰাংগণত সংস্থাপন কৰা হৈছে CCTV। যাতায়তৰ সুব্যৱস্থাক লৈ জাৰি কৰা হৈছে নিৰ্দেশনা। অনুমতিবিহীন বাহন চলাচলত নিষেধাজ্ঞা। স্কুলবাছ, জৰুৰীকালীন বাহন চলাচলত নাই বাধা। মা কামাখ্যা মন্দিৰ অভিমুখী পথৰ ক্ষেত্ৰত এই নিৰ্দেশনা।

পাণ্ডু কেবিন তিনিআলিৰ পৰা বংশী বাগানলৈ চলিব বাহন। জালুকবাৰী-ভৰলুমুখ পথত চিটীবাছ ৰখোৱাক লৈও নিৰ্দেশনা। নীলাচল ফ্লাইঅভাৰ চাৰ্ভিছ লেনৰ সমীপত ৰখাব নোৱাৰিব বাহন। কামাখ্যা দৰ্শনলৈ অহা বাহন পাৰ্ক কৰিব লাগিব কেৱল দুটা স্থানত। আদাবাৰী বাছষ্টেণ্ড অথবা বৰীপাৰা ফিল্ডত ৰখাব পাৰিব বাহন। আদাবাৰী তিনিআলিৰ পৰা পাণ্ডু বন্দৰলৈ নাথাকিব পাৰ্কিং। জালুকবাৰীৰ পৰা মাছখোৱালৈ মালবাহী বাহনত নিষেধাজ্ঞা। DG ৰোড, MG ৰোড, AT ৰোডত নচলিব যাত্ৰীবাহী বাছ।

নামনি অসমৰ পৰা সকলো যাত্ৰীবাহী বাছ ৰখাব লাগিব আদাবাৰীত। ভক্ত কঢ়িওৱা বাছ DG ৰোড-আদাবাৰী-পাণ্ডু বন্দৰ হৈ যাব পাৰিব শিবিৰলৈ।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

15 − eleven =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.