Assamleatest update

সাংসদ প্ৰদ্যুৎ বৰদলৈৰ গুৰুতৰ অভিযোগ

ৰাজ্যৰ অৰ্থনীতি ভয়াৱহ দিশে গতি কৰিছে...

অসমত এতিয়া চলিছে ছিণ্ডিকেটৰাজ। এই গুৰুতৰ অভিযোগ কংগ্ৰেছ সাংসদ প্ৰদ্যুৎ বৰদলৈৰ। ৰাজ্যৰ অৰ্থনীতি ভয়াৱহ দিশে গতি কৰিছে বুলি অভিযোগ কৰি সাংসদ বৰদলৈয়ে লগতে কয় যে ধাৰ লৈ চলি আছে বিজেপি চৰকাৰ।

২০১৬ চনত বিজেপি চৰকাৰ শাসনলৈ আহিয়েই এখন শ্বেতপত্ৰ দাখিল কৰিছিল বিধানসভাত। সেই সময়ত কংগ্ৰেছ চৰকাৰে লোৱা ঋণৰ পৰিমাণ আছিল মুঠ ১০ হাজাৰ কোটি টকা। প্ৰয়াত তৰুণ গগৈক এনেদৰে সমালোচনা কৰিছিল বৰ্তমানৰ মুখ্যমন্ত্ৰীয়ে। কিন্তু বৰ্তমান চৰকাৰে প্ৰতিমাহে ১ হাজাৰ কোটি টকা ধাৰ লৈ আছে। এই ধাৰ লোৱা টকা বোৰ বিনিয়োগৰ বিপৰীতে অন্য কামত খৰছ কৰাৰ অভিযোগ প্ৰদ্যুৎ বৰদলৈৰ।

চৰকাৰ এখনে কিমান টকাৰ ঋণ ল’ব পাৰে তাক লৈ কংগ্ৰেছ চৰকাৰে এখন আইন আনিছিল। আইন অনুসৰি GSDP মতে ২৮ শতাংশলৈ ধাৰ ল’ব পাৰে অসমে। কিন্তু বৰ্তমান চৰকাৰে ইতিমধ্যে ঋণৰ পৰিমাণ GSDPৰ অধীনত ২৫ শতাংশ অতিক্ৰম কৰিলে। হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হোৱাৰ সময়ত ধাৰ আছিল ৬৬ হাজাৰ কোটি টকা। বৰ্তমান সেই ধাৰৰ পৰিমাণ হৈছেগৈ ১.৮৭ লাখ কোটি টকা বুলি সমালোচনা কৰি কংগ্ৰছ সাংসদ জনে কয় যে ৰাজ্যৰ অৰ্থনীতি অতি ভয়াৱহ। আজি গুৱাহাটীত অনুষ্ঠিত হোৱা কংগ্ৰেছৰ কাৰ্যনিৰ্বাহকৰ বৈঠকৰ পিছতে এক সংবাদমেলত সাংসদ বৰদলৈয়ে চিণ্ডিকেটৰ বাবে ৰাজ্যৰ অৰ্থনীতি অধিক শোচনীয় হৈ পৰা বুলিও কয় সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

nine − 2 =

Back to top button