Socialজীৱনশৈলীবলিউডভাৰতমনোৰঞ্জন
Trending

ক’ভিডত জুৰুলা শিল্পীলৈ ৫০ লাখ টকাৰ বৰঙণি আগবঢ়ালে খিলাড়ী অক্ষয় কুমাৰে

বলীউডৰ সকলো অভিনেতাতকৈ পৃথক অক্ষয় কুমাৰৰ মানৱীয়তাৰ কাহিনীয়ে প্ৰায়ে দখল কৰে বাতৰিৰ শিৰোনামা

খিলাড়ী অক্ষয় কুমাৰৰ বিষয়ে নজনা মানুহ খুব কমেই ওলাব। বলিউডৰ সকলো অভিনেতাতকৈ পৃথক অক্ষয় কুমাৰৰ মানৱীয়তাৰ কাহিনীয়ে প্ৰায়ে দখল কৰে বাতৰিৰ শিৰোনামা।

শেহতীয়াকৈ চৰ্চালৈ আহিছে জনপ্ৰিয় অভিনেতাগৰাকী। সংস্কাৰ ভাৰতীৰ অধীনত ‘পীড় পড়াই জানে ৰে’অভিযানৰ জৰিয়তে কোভিডত জুৰুলা হোৱা শিল্পীসকললৈ অক্ষয় কুমাৰে আগবঢ়াইছে ৫০ লাখ টকাৰ সাহায্য।

অভিনেতাগৰাকীয়ে কয় যে, “ক’ভিড মহামাৰীয়ে দেশৰ শিল্পীসকলৰ মাজত সৃষ্টি কৰিছে তীব্ৰ সংকট। বিগত দুবছৰ ধৰি তেওঁলোকে কোনো ধৰণৰ কাম কৰাৰ সুবিধা পোৱা নাই। শিল্পীসকলে সকলো সময়তে দেশৰ প্ৰয়োজনৰ সময়ত থিয় দিয়ে আৰু মই বিশ্বাস কৰো যে, এই সংকটৰ সময়ত শিল্পীসকলৰ সৈতে সকলোৱে থিয় দিব”।

উল্লেখযোগ্য যে, ২০২০ চনত অভিনেতা অক্ষয় কুমাৰে প্ৰধানমন্ত্ৰী আৰোগ্য নিধিলৈ দান কৰিছিল ২৫ কোটি টকা। চলিত বৰ্ষৰ প্ৰথম ভাগত অভিনেতাগৰাকী আৰু তেওঁৰ পত্নী টুইংকল খান্নাই ১০০ টাতকৈও অধিক অক্সিজেন চিলিণ্ডাৰৰ যোগান ধৰিছিল।  বিপদৰ সময়ত সহায়ৰ হাত হিচাপে থিয় দিয়া অভিনেতাগৰাকীৰ এই মহানুভৱতাক শলাগিছে তেওঁৰ অনুৰাগীসকলে।

উল্লেখ্য যে, বৰ্তমান খিলাড়ী অক্ষয়ে আনন্দ এল. ৰাইৰ পৰৱৰ্তী চিনেমা ৰক্ষা বন্ধনৰ শ্বুটিঙত ব্যস্ত হৈ আছে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

fourteen − six =

Back to top button