মনোৰঞ্জনসংগীত

আপুনি সাজু নে? গুৱাহাটী কঁপাবলৈ আহি আছে সংগীতৰ যাদুকৰ এ. আৰ. ৰহমান!

book my show আৰু paytm insiderত মুকলি কৰি দিয়া হৈছে টিকট

নৱবৰ্ষৰ শুভক্ষণত অসমবাসীৰ বাবে ভালখবৰ! অহা ১ ফেব্ৰুৱাৰী তাৰিখে সন্ধ্যা গুৱাহাটী বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামলৈ আহিব সংগীত শিল্পী এ.আৰ ৰহমান। গুৱাহাটীত অনুষ্ঠিত হ’ব A R RAHMAN’s Concert for peace শীৰ্ষক সংগীত সন্মিলন৷ Pride East Entertainment Pvt Ltdৰ উদ্যোগত বৰ্ষাপাৰাত অনুষ্ঠিত হ’ব এই অনুষ্ঠান৷ ১ ফেব্ৰুৱাৰীৰ সন্ধিয়া ৭ বজাৰ পৰা আৰম্ভ হ’ব এই অনুষ্ঠান৷ ইতিমধ্যে book my show আৰু paytm insiderত মুকলি কৰি দিয়া হৈছে টিকট। platinum, diamond, gold আৰু silver শাখাৰ লগতে গেলেৰীৰ বাবে উপলব্ধ হ’ব টিকট৷ টিকটৰ নিৰিখ ২০০০ টকাৰ পৰা ১.৫০লাখ পৰ্যন্ত ধাৰ্য কৰা হৈছে৷ ৪০ হাজাৰ দৰ্শকৰ উপস্থিতিত অনুষ্ঠিত হ’ব A R Rahmanৰ সংগীতানুষ্ঠান৷ গুৱাহাটী টাউন ক্লাৱত সংবাদমেল যোগে এই কথা সদৰি কৰিলে pride east entertainment pvt ltd ৰ হৈ জ্যেষ্ঠ সাংবাদিক ছৈয়দ জাৰিৰ হুছেইনে৷

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

2 × five =

Back to top button