Social

পিতৃতকৈ পাঁচগুণ ধনী পুত্ৰ, চৰ্চাত বিহাৰৰ মুখ্যমন্ত্ৰীৰ পুত্ৰৰ সম্পত্তিৰ তালিকা

দিল্লীৰ দ্বাৰকা নগৰত বিহাৰৰ মুখ্যমন্ত্ৰীগৰাকীৰ এটা ফ্লেট থকাৰ বিপৰীতে তেখেতৰ পুত্ৰৰ কল্যাণ বিঘা, হকিকতপুৰ, কনকৰবাঘত কৃষিভূমি আৰু নিজা বাসগৃহ আছে।

প্ৰসংগ: বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ সম্পত্তিৰ তালিকা। নীতিশ কুমাৰ আৰু তেখেতৰ পুত্ৰ নিশান্ত কুমাৰৰ সম্পত্তিৰ চৰ্চা এতিয়া সৰ্বত্ৰে। বিহাৰৰ চৰকাৰী ৱেবছাইটত তথ্য মুকলি হোৱাৰ পিছতে এতিয়া চৌদিশে লাগিছে তোলপাৰ। মুঠ ৭৫.৩৬ লাখৰ স্থাৱৰ-অস্থাৱৰ সম্পত্তি আছে বিহাৰৰ মুখ্যমন্ত্ৰীৰ। তাৰ পৰিৱৰ্তে তেখেতৰ পুত্ৰৰ আছে পাঁচগুণ অধিক সম্পত্তি।

৩১ ডিচেম্বৰত বিহাৰ চৰকাৰৰ ৱেবছাইটত আপলোড কৰা তথ্য অনুসৰি, নীতিশ কুমাৰৰ নগদ ২৯,৩৮৫ টকা আৰু বেংক একাউণ্টত আছে ৪২,৭৬৩ টকা। কিন্তু তেখেতৰ পুত্ৰৰ নগদ আছে ১৬,৫৪৯ টকা আৰু কেইবাটাও বেংক একাউণ্টত মুঠ ১.২৮ কোটি টকা।

নীতিশ কুমাৰৰ ১৬.৫১ টকাৰ স্থাৱৰ সম্পত্তি আৰু ৫৮.৮৫ টকাৰ অস্থাৱৰ সম্পত্তি আছে। আনহাতে, তেখেতৰ পুত্ৰৰ ১.৬৩ কোটিৰ স্থাৱৰ আৰু ১.৯৮ কোটিৰ অস্থাৱৰ সম্পত্তি আছে।

দিল্লীৰ দ্বাৰকা নগৰত বিহাৰৰ মুখ্যমন্ত্ৰীগৰাকীৰ এটা ফ্লেট থকাৰ বিপৰীতে তেখেতৰ পুত্ৰৰ কল্যাণ বিঘা, হকিকতপুৰ, কনকৰবাঘত কৃষিভূমি আৰু নিজা বাসগৃহ আছে।

উল্লেখ্য যে, বছৰৰ অন্তিম দিনটোত নিজৰ সম্পত্তিৰ খতিয়ান দিয়াটো বাধ্যতামূলক কৰি দিছিল নীতিশ কুমাৰ চৰকাৰে। সেয়েহে ২০২১ বৰ্ষৰ ৩১ ডিচেম্বৰত এই সম্পত্তিৰ তালিকা আপলোড কৰা হৈছিল ৱেবছাইটত। অৱশ্য়ে, নিশান্ত কুমাৰে কিদৰে সম্পত্তিৰ বিশাল পথাৰ গঢ়ি তুলিছে সেয়া পৰৱৰ্তী সময়তহে পোহৰলৈ আহিব।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

19 + 11 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.