অসমদৈনিক বাতৰি

বিয়া খাবলৈ ওলাই গৈ উভতি নাহিল ডিব্ৰুগড়ৰ ৩ যুৱক

তিনিজনকৈ যুৱক সন্ধানহীন হৈ থকাত হাহাকাৰ লাগিছে পৰিয়ালৰ লোকৰ

৫টা দিনে সন্ধান নাই ডিব্ৰুগড়ৰ ৩ যুৱকৰ। লেজাই লালমাটি তিনিচুকীয়া গাঁৱৰ পৰা সন্ধানহীন কমল সোণোৱাল, ধনঞ্জয় সোণোৱাল আৰু সুমন সোণোৱাল। ইয়াৰে কমল সোণোৱাল আৰু সুমন সোণোৱাল একেটা পৰিয়ালৰ যুৱক।

পৰিয়ালৰ সূত্ৰে জানিব পৰা অনুসৰি যোৱা সোমবাৰে পুৱা তিনিওজন যুৱকে মৰাণৰ ওফুলিয়াত কোনো সমনীয়াৰ ঘৰত বিয়া খাবলৈ যাও বুলি ওলাই গৈছিল। বিয়ালৈ বুলি ওলাই যোৱা তিনি যুৱকৰ এজনে ঘৰলৈ ফোন কৰি মৰাণ পালোহি বুলিও জনাইছিল। কিন্তু বিয়া খাই সময়ত ঘূৰি নহাত পৰিয়ালৰ মাজত হুৱা-দৱা লাগে। যুৱক তিনিজনলৈ পৰিয়ালৰ লোকে ফোন কৰে যদিও মোবাইল ছুইছ অফ বুলি কয়। ইয়াৰ পিছতে পৰিয়ালৰ লোকে আৰক্ষীক বিষয়টো অৱগত কৰে যদিও আজিও শুংসূত্ৰ নাই তিনি যুৱকৰ।

ইফালে তিনিজনকৈ যুৱক সন্ধানহীন হৈ থকাত হাহাকাৰ লাগিছে পৰিয়ালৰ লোকৰ। অৱশ্যে ঘটনা সন্দৰ্ভত আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

4 − 1 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.