Government SchemeSocialঅসমধৰ্মীয়

পহিলা ভাদৰ দিনা আঠখেলীয়া নামঘৰত ৫ কোটি টকাৰ অনুদান দিয়াৰ ঘোষণা মুখ্যমন্ত্ৰীৰ

নামঘৰৰ চৌহদত এটী কাৰ্যালয় মুকলি কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু শ্ৰীশ্ৰী মাধৱদেৱ গুৰু দুজনাৰ পৱিত্ৰ তিথিৰে উজ্জীৱিত মাহটিৰ আজি পহিলা দিন। আজিৰ এই পৱিত্ৰ দিনটো বৈষ্ণৱ ধৰ্মৰ অন্যতম প্ৰাণকেন্দ্ৰ গোলাঘাটৰ শ্ৰীশ্ৰী আঠখেলীয়া নামঘৰ পৰিদৰ্শন কৰি ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা জনালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

নামঘৰৰ সন্মুখত চৌহদত এটা কাৰ্যালয় ভৱন উদ্বোধন কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। উপস্থিত থাকে বিত্তমন্ত্ৰী শ্রীঅজন্তা নেওগ, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী শ্রীকেশৱ মহন্ত, কৃষিমন্ত্ৰী শ্রীঅতুল বৰা, সাংসদ শ্রীকামাখ্যা প্ৰসাদ তাছা, বিধায়ক শ্রীবিশ্বজিৎ ফুকন, বিধায়ক ভাস্কৰ বৰুৱা আৰু নামঘৰৰ অন্যান্য কৰ্মকৰ্তা।

ইয়াৰ লগতে ঐতিহ্যমণ্ডিত নামঘৰটিৰ উন্নয়নৰ বাবে ৫ কোটি টকাৰ অনুদানো আগবঢ়োৱাৰ কথাও ঘোষণা কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে৷

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

19 + ten =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.