
আজি ৰাজ্যসভাত শপত ল’লে অসমৰ তিনি সাংসদে । ৰাজ্যসভাৰ সাংসদ হিচাপে শপত ল’লে যোগেন মহন আৰু তেৰছ গোৱালাই। শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়া আৰু কেন্দ্ৰীয় বৈদেশিক ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা। শপত গ্ৰহণৰ বাবে পৰম্পৰাগত আহোম সাজেৰে ৰাজ্যসভাত উপস্থিত হ’ল যোগেন মহন।ইফালে বড়ো ভাষাত ৰাজ্যসভাত শপতগ্ৰহণ প্ৰমোদ বড়োৰ। চাইকেল চলাই ৰাজ্যসভালৈ আহিল তেৰছ গোৱালা।
বৃহস্পতিবাৰে ৰাজ্যসভাত সাংসদ হিচাপে শপতগ্ৰহণ কৰে ৮গৰাকী সাংসদে। ইয়াৰে ভিতৰত অসমৰ ৩ আৰু বিহাৰৰ ৫ গৰাকী সাংসদৰ শপতগ্ৰহণ। ৰাজ্যৰ ৰাজনীতি এৰি দিল্লীলৈ যোগেন মহন । দীৰ্ঘদিন ধৰি মাহমৰাৰ পৰা বিধায়ক হৈ অসম চৰকাৰৰ মন্ত্ৰী পদত আছিল মহন । এইবাৰ দিল্লী মুখি, পৰম্পৰাগত আহোম সাজ পৰিধান কৰি শপতগ্ৰহণ কৰিলে যোগেন মহনে। ৰাজ্যসভাৰ সভাপতি চিপি ৰাধাকৃষ্ণনে শপতবাক্য পাঠ কৰালে সাংসদ সকলক । BTCৰ পৰা দিল্লীলৈ যোৱা প্ৰমোদ বড়োই বৃহস্পতিবাৰে বড়ো ভাষাত শপত লয় ।
উল্লেখযোগ্য যে এইবাৰ বিধানসভা নিৰ্বাচনতো তামুলপুৰৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিছে প্ৰমোদ বড়োৱে।ইফালে অসম বিধানসভাত প্ৰৱেশ কৰাৰ দৰে দিল্লীটো ব্যতিক্ৰমী ৰূপত নৱ নিৰ্বাচিত সাংসদ তেৰছ গোৱালা । অধিৱেশন আৰম্ভ হোৱাৰ পূৰ্বে সংসদত চাইকেল লৈ প্ৰৱেশ কৰিলে তেৰছ গোৱালাই। ইয়াৰ পিছত সদনত প্ৰৱেশ কৰা পূৰ্বে সেৱা ল’লে তেৰছ গোৱালাই। তাৰ পূৰ্বে সংবাদ মাধ্যমক নিজৰ মনৰ কথা ক’লে তেৰছ গোৱালাই। অসমৰ এই তিনি সাংসদে উপৰিও বৃহস্পতিবাৰে ৰাজ্যসভাত শপত গ্ৰহণ কৰিলে বিহাৰৰ ৪ সাংসদেও।
