AssamCity newsঅসমগুৱাহাটীদৈনিক বাতৰিভাৰত

‘বিশ্ববিদ্যালয় এখন মাঁথো ডিগ্ৰী-ডক্টৰেট বনোৱা কাৰখানা হ’ব নোৱাৰে’: মনোজ কুমাৰ গোস্বামী

'আমাৰ জীৱনৰ মান বাঢ়িছে নে কমিছে? বিশ্ববিদ্যালয়ে সৃজনশীল চৰ্চা, প্ৰেকটিকেল চিন্তা কিয় নকৰে?

গুৱাহাটী বিশ্ববিদ্যালয়ৰ যুৱ মহোৎসৱৰ সামৰণি অনুষ্ঠানত ‘আমাৰ অসম’ কাকতৰ মুখ্য সম্পাদক, সাংবাদিক তথা সাহিত্য একাডেমী বটাঁপ্ৰাপক মনোজ কুমাৰ গোস্বামী। ছাত্ৰ-ছাত্ৰীসকলক উদ্দেশ্যি কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াই সাংবাদিক গৰাকীয়ে।

তেওঁ কয় – ‘বিশ্ববিদ্যালয় এখন মাঁথো ডিগ্ৰী-ডক্টৰেট বনোৱা কাৰখানা হ’ব নোৱাৰে। শ্বেইকছপীয়েৰ – এলিয়টৰ সাহিত্য পঢ়াই পঠাই দিয়া, আডাম স্মিথ-মিল্টন ফ্ৰীডমেনৰ অৰ্থনীতিৰ ব্যাখ্যা পঢ়াই পঠাই দিয়া, চাইক্লট্ৰন-ফিছন ৰিয়েকছন-ৰিলেটিভিটি থিয়ৰী বুজাই পঠিয়াই দিয়া ল’ৰা ছোৱালীহতেঁ আজি তৃতীয় চতুৰ্থ বৰ্গৰ চৰকাৰী চাকৰিৰ বাবে কিদৰে লাইন পাতিছে দেখিছেনে? ৫০০০ চাকৰিৰ বাবে ১৩ লাখ প্ৰাৰ্থী, ৰাজনীতিকে নিজৰ মতে কাম কৰিব, কিন্তু এই প্ৰাৰ্থীসকলৰ অধিকাংশই বিশ্ববিদ্যালয়ৰ স্নাতক-স্নাতকোত্তৰ ডিগ্ৰীধাৰী, কোনোবা অভিযন্তা, কোনোবা ডক্টৰেট চাকৰি পাই তেওঁলোকে চৰকাৰী কাৰ্যালয়ৰ বিষয়াৰ টেবুল মচিছে। চাহ আনি দিছে। স্কুলত ছুটিৰ ঘন্টা বজাইছেগৈ। ইয়াত বিশ্ববিদ্যালয়ৰ গৰিমা বাঢ়িছে নে কমিছে?’

‘আমাৰ জীৱনৰ মান বাঢ়িছে নে কমিছে? বিশ্ববিদ্যালয়ে সৃজনশীল চৰ্চা, প্ৰেকটিকেল চিন্তা কিয় নকৰে? কিয় বিশ্ববিদ্যালয়ে আমাৰ সমাজ-সংস্কৃতিৰ নেতৃত্ব দিব নোৱাৰে? কিয় উদ্ভাৱনী চিন্তা, সময়োপযোগী গৱেষণাৰে নতুন প্ৰজন্মক বাট দেখুৱাই নিদিয়ে? আজি ৰাজ্যত নিবনুৱা সমস্যাৰ লগতে শিক্ষাৰ পদ্ধতি মান আৰু অন্তঃসাৰশূন্যতাও ক্ৰমশ প্ৰকট হৈছে।’

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

3 + nine =

Back to top button