অৰুণাচল প্ৰদেশঅসমগুৱাহাটীদুৰ্ঘটনাদৈনিক বাতৰিভাৰতৰাজনৈতিক

তিনিচুকীয়াৰ বৰডুমচাত নৃশংস ঘটনা, মুকলি বজাৰত দুৰ্বৃত্তই হানি-খুচি হত্যা কৰে CRPF জোৱানক

তিনিচুকীয়াৰ বৰডুমচাত নৃশংস ঘটনা

CRPF জোৱানক হানি-খুচি হত্যা

মুকলি বজাৰতে দুৰ্বৃত্তই হত্যা কৰে জোৱানজনক

বাইকত আহিছিল দুৰ্বৃত্তৰ দুজনীয়া দলটো

নিহত CRPF জোৱান সুনীল কুমাৰ পাণ্ডে

ঘটনাক কেন্দ্ৰ কৰি অঞ্চলজুৰি তীব্ৰ চাঞ্চল্য

কৰ্মসূত্ৰে অৰুণাচলৰ বৰডুমচাত থকা CRPF জোৱান সুনীল কুমাৰ পাণ্ডেয়ে অৰুণাচল- অসম সীমান্তৰ অৰুণাচলৰ পহৰা চকী পাৰহৈ অসমৰ বৰডুমচাত সন্ধিয়া অসামৰিক পোছাকত বজাৰ কৰিবলৈ আহিছিল । তেওঁ যাৱতীয় বস্তু ক্ৰয় কৰি থাকোতেই মটৰ চাইকেলত অহা দুজনীয়া দুৰ্বৃত্তৰ দলে চোকা অস্ত্ৰৰে জোৱান গৰাকীক আক্ৰমণ কৰাৰ ফলত জোৱান গৰাকী গুৰুতৰ ভাৱে আহত হয় আৰু দুৰ্বৃত্তৰ দলটো মটৰ চাইকেলেৰে অসমৰ দিশে পলায়ন কৰে। ততাতৈয়াকৈ CRPF জোৱানজনক চিকিৎসালয়লৈ প্ৰেৰণ কৰে যদিও চিকিৎসালয়তে জোৱান গৰাকীয়ে শেষ নিশ্বাস ত্যাগ কৰে। উত্তৰ প্ৰদেশৰ নিবাসী প্ৰায় পঞ্চাশ বছৰীয়া জোৱান গৰাকীৰ হত্যাৰ খবৰে অঞ্চলটোত চাঞ্চল্য সৃষ্টিৰ লগতে এই ঘটনাই নিৰাপত্তাৰ দিশৰ ফোঁপোলা স্বৰূপ উদঙাই দিলে বুলি স্থানীয় ৰাইজে  অভিযোগ কৰিছে৷ অন্যহাতে ড্ৰাগ্‌চৰ ঘাটি ৰূপে অভিযোগ উঠা বৰডুমচাত কৰ্মৰত লোকজনৰ সৈতে আখেজ থকা থকাৰ বাবেই এনে নৃশংস ঘটনা হল বুলি চৰ্চা চলিছে।

 

prathamkhabarnews

প্ৰথম খবৰ 24/7 হৈছে অসমীয়া ছেটেলাইট নিউজ চেনেল 'নিউজ টাইম অসম'ৰ ৱেব চাইট। যি আপোনাক স্থানীয় আৰু লগতে দেশ-বিদেশৰ শেহতীয়া খবৰ দি থাকে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

8 + seventeen =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.