অসমগুৱাহাটীদৈনিক বাতৰি

নিশা মেৰাপানীত জব্দ হৈছে বৃহৎ পৰিমাণৰ ইণ্ডোনেছিয়ান চিগাৰেট

নিশা মেৰাপানীত জব্দ হৈছে বৃহৎ পৰিমাণৰ ইণ্ডোনেছিয়ান চিগাৰেট

নিশা মেৰাপানীত জব্দ হৈছে বৃহৎ পৰিমাণৰ ইণ্ডোনেছিয়ান চিগাৰেট। এখন ট্ৰাকত নি থকা অৱস্থাত ১৪২ নং চিআৰপিএফ বাহিনীয়ে মেৰাপানীৰ শিমলুতল অঞ্চলত জব্দ কৰে চিগাৰেটসহ ট্ৰাকখন। চিআৰপিএফে চিগাৰেটৰ সৈতে আটক কৰিছে ট্ৰাকখনৰ চালক মৰিগাঁও জিলাৰ ইয়াকুব ইছলামক।

জব্দকৃত চিগাৰেটখিনিৰ বজাৰ মূল্য প্ৰায় ১২ লাখ টকা।  ইণ্ডোনেছিয়াৰ পৰা ম্যানমাৰ সীমান্তৰে নাগালেণ্ডত প্ৰৱেশ কৰি চিগাৰেটসমূহ অসমলৈ অনা হৈছিল বুলি সন্দেহ কৰা গৈছে। ধৃত চালকজনে চিগাৰেটসমূহ অসমৰ কোন ঠাইলৈ সৰবৰাহ কৰাৰ চেষ্টা চলাইছিল সেই সম্পৰ্কত মুখ খোলা নাই। চিআৰপিএফে পাছত চিগাৰেটভৰ্ত্তি ট্ৰাকসহ চালক ইয়াকুব ইছলামক মেৰাপানী আৰক্ষীক চমজাই দিয়ে।

prathamkhabarnews

প্ৰথম খবৰ 24/7 হৈছে অসমীয়া ছেটেলাইট নিউজ চেনেল 'নিউজ টাইম অসম'ৰ ৱেব চাইট। যি আপোনাক স্থানীয় আৰু লগতে দেশ-বিদেশৰ শেহতীয়া খবৰ দি থাকে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

3 + 1 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.