অসম

সম্পন্ন হ’ল ভাৰত তিব্বত সংঘ, অসম প্ৰান্তৰ প্ৰথমখন বৈঠক

দেওবাৰে খানাপাৰাস্থিত এছ. আই. আৰ. ডি ৰ প্ৰশিক্ষণ কেন্দ্ৰত অনুষ্ঠিত হয় সভাখন

ভাৰত-তিব্বত সংঘ, অসম প্ৰান্তৰ প্ৰথমখন কাৰ্যনিৰ্বাহক সভা দেওবাৰে খানাপাৰাস্থিত এছ. আই. আৰ. ডি ৰ প্ৰশিক্ষণ কেন্দ্ৰত অনুষ্ঠিত হৈ যায়। ভাৰত-তিব্বত সংঘৰ অসম প্ৰান্তৰ নৱ নিযুক্ত সভানেত্ৰী অলকা পাটোৱাৰীৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে কৃষ্ণা নাথে। সভাত আদৰণি ভাষণ প্ৰদান কৰি অলকা পাটোৱাৰীয়ে কয় যে, চীনৰ আগ্ৰাসী নীতিৰ প্ৰতি লক্ষ্য ৰাখি ভাৰত-তিব্বত সংঘ গঠন কৰা হৈছে। চীনে কিদৰে তিব্বত দখল কৰি ইয়াৰ জনসাধাৰণৰ স্বাধীনতা খৰ্ব কৰাৰ লগতে প্ৰাকৃতিক সম্পদ দখল কৰিছে সেই বিষয়ত আমি সকলো অৱগত। চীনৰ তিব্বত দখলে ভাৰতৰ প্ৰতিও ভাবুকি কঢ়িয়াই আনিছে। ইয়াৰ জৰিয়তে চীনে সহজে ভাৰত আক্ৰমণৰ লক্ষ্য কৰি লৈছে। এনেবোৰ দিশত ৰাজ্যবাসীৰ মাজত সজাগতা সৃষ্টি কৰিবলৈ অসমত ভাৰত-তিব্বত সংঘৰ কামকাজ আৰম্ভ কৰা হৈছে।

 

 

দেওবাৰৰ সভাত ভাৰত-তিব্বত সংঘৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক সৌৰভ চাৰাবত, উত্তৰ-পূব প্ৰান্তৰ অধ্যক্ষ শশী শৰ্মাই ভাৰ্চুৱেলী ভাৰত-তিব্বত সংঘৰ কামকাজ সন্দৰ্ভত মাৰ্গ দৰ্শন কৰে। আনহাতে অৱসৰপ্ৰাপ্ত আই এ এছ বিষয়া মলয় বৰা আজিৰ সভাত মাৰ্গ দৰ্শক হিচাপে উপস্থিত থাকে। সভাত অলকা পটোৱাৰীয়ে ভাৰত-তিব্বত, অসম প্ৰান্তৰ সমিতি ঘোষণা কৰে। ৰাজ্যিক সমিতিৰ উপ সভানেত্ৰী পদত কৃষ্ণা নাথ, সাধাৰণ সম্পাদক পদত অনিৰ্বাণ গোস্বামী আৰু দীক্ষিতা পুৰকায়স্থ, সামাজিক মাধ্যমৰ আহাবায়ক পদত প্ৰতিভা টেৰণ, সংবাদ বিভাগৰ আহ্বায়ক পদত বিকাশ গুপ্তাক নিযুক্তি দিয়া হৈছে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

12 − 9 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.