শ্ৰেণীবিহীন

পুনৰ পথৰ কাষৰ দোকান হ’ল “বাবা কা ধাবা”

পুনৰ পথৰ কাষৰ দোকান হ'ল "বাবা কা ধাবা"

কৰ’ণা কেন্দ্ৰিক পৰিস্থিতিৰ মাজত কিছুদিনৰ পুৰ্বে গৌৰৱ বাচান নামৰ যুৱক এজনে “বাবা কা ধাবা” নামৰ এখন ধাবাৰ মালিকৰ দুৰ্বিসহ জীৱনৰ কথা নিজৰ ইউটিউব চেনেলত শ্বেয়াৰ কৰিছিল।

  ভিডিঅ’ত ইউটিউবাৰজনে বাবা কা ধাবা নামৰ ধাবাখনৰ মালিক কান্তা প্ৰসাদে সেই সময়চোৱাত সন্মুখীন হোৱা সমস্যা সমূহ বৰ্ণনা কৰি ৰাইজৰ পৰা সহায় বিচাৰিছিল। ভিডিঅ’টো দেখি বহু সহৃদয়বান লোকে কান্তা প্ৰসাদক আৰ্থিক ভাৱে সহায় কৰিবলৈ আগবাঢ়ি আহিছিল আৰু লাখ লাখ টকা জমা হৈছিল কান্তা প্ৰসাদৰ একাউন্টত। কান্তা প্ৰসাদৰ একাউন্টতত জমা হৈছিল প্ৰায় ৪৫ লাখ টকা।

  সেই সময়তে অহংকাৰী কান্তা প্ৰসাদে সহায়কাৰী গৌৰৱ বাচানৰ বিৰুদ্ধে ধন আত্মসাৎ কৰাৰ দৰে অভিযোগ তুলি সামাজিক মাধ্যমত বিশেষ চৰ্চালৈ আহিছিল।

  কান্তা প্ৰসাদে ৫ লাখ টকাৰ এখন ৰেষ্টুৰেন্ট খুলি ব্যৱসায় আৰম্ভ কৰিছিল। কিন্তু শেহতিয়াকৈ কান্তা দাসৰ বজাৰত মণ্ডাৱস্থা।

 ৰেষ্টুৰেন্ট খনৰ নামত ভাড়া, কৰ্মচাৰীৰ দৰমহাৰ, পানী, বিজুলী সকলো মিলাই মাহে খৰচ প্ৰায় ১লাখ ৫০হাজাৰ টকা। কিন্তু লাভ বুলিবলৈ একো নাইকীয়া হবলৈ ধৰাত অৱশেষত সম্পূৰ্ণ ৰূপে বন্ধ হৈ পৰিছে বাবা কা ধাবা।

বৃহত লোকচানৰ পাছত এতিয়া আকৌ ৰাস্তাৰ কাষত ধাবা লগোৱাৰ সিদ্ধান্ত লৈছে কান্তা প্ৰসাদে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

fifteen − one =

Back to top button