অসমগুৱাহাটী

তিনিদিনীয়া ভ্ৰমণসূচীৰে অসমত উপস্থিত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ!

আজি বিয়লি গুৱাহাটীত উপস্থিত আহি উপস্থিত হয় কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকী

আজি তিনিদিনীয়া ভ্ৰমণসূচীৰে অসমত উপস্থিত হয় কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। আজি বিয়লি গুৱাহাটীত উপস্থিত আহি উপস্থিত হয় কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকী। গৃহমন্ত্ৰী অমিত শ্বাহৰ লগতে অসমত উপস্থিত হয় বিজেপিৰ ৰাষ্ট্ৰীয় অধ্যক্ষ জে পি নাড্ডা। গুৱাহাটী বিমানবন্দৰত অসমৰ কৃষ্টি-সংস্কৃতি প্ৰদৰ্শনেৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাসহ বিজেপিৰ শীৰ্ষ নেতৃত্বই দুয়োগৰাকীকে উষ্ম আদৰণি জনায়। লগতে বিমানবন্দৰত উপস্থিত থাকে ভৱেশ কলিতাসহ শীৰ্ষ নেতাসকল আৰু আৰক্ষীৰ উচ্চ পদস্থ বিষয়াসকল।

 

 

গুৱাহাটী বিমানবন্দৰৰ পৰা পোনে পোনে গৃহমন্ত্ৰীগৰাকীক লৈ যোৱা হয় কইনাধৰালৈ। ৮ অক্টোবৰ অৰ্থাৎ কাইলৈ বিজেপিৰ নতুন কাৰ্যালয় মুকলি কৰিব কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে। বিজেপিৰ ১১১টা মণ্ডল, জিলা কাৰ্যালয়ৰো আধাৰশিলা স্থাপন কৰিব মন্ত্ৰীগৰাকীয়ে। বিজেপিৰ নতুন কাৰ্যালয় মুকলিৰ পাছতে খানাপাৰত কাৰ্যকৰ্তা সভা সম্বোধন কৰিব অমিত শ্বাহ, জে পি নাড্ডাই। উক্ত সভাত ৪৫ হাজাৰ কৰ্মকৰ্তাক সম্বোধন কৰিব অমিত শ্বাহে। বিয়লি উত্তৰ-পূৱৰ সকলো CM, DGP ৰে বৈঠকত বহিব মন্ত্ৰীগৰাকী। লগতে দেৰগাঁৱত আৰক্ষী অধীক্ষক সন্মিলনত অংশ ল’ব অমিত শ্বাহে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

2 − one =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.