অপৰাধঅসমআঞ্চলিক

ৰঞ্জন দৈমাৰীক যাৱজ্জীৱন কাৰাদণ্ড দিয়াৰ সিদ্ধান্তৰ বিৰোধিতা প্ৰমোদ বড়োৰ

ৰঞ্জন দৈমাৰীক মুকলি আকাশৰ তলত অনাৰ বাবে অসম চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰৰ সতে আলোচনা কৰিব বিটিআৰৰ প্ৰমোদ বড়োয়ে

ৰঞ্জন দৈমাৰীক যাৱজ্জীৱন কাৰাদণ্ড দিয়াৰ সিদ্ধান্তৰ বিৰোধিতা বিটিআৰ প্ৰধান প্ৰমোদ বড়ো

অভিশপ্ত ৩০ অক্টোবৰৰ ধাৰাবাহিক বোমা বিস্ফোৰণৰ মূল অভিযুক্ত ৰঞ্জন দৈমাৰীক যাৱজ্জীৱন কাৰাদণ্ড! আজি গুৱাহাটী মহামান্য উচ্চ ন্যায়ালয়ে যাৱজ্জীৱন কাৰাদণ্ড বিহা ৰায়দানে বিটিআৰত তুমুল প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে৷ বিটিআৰ প্ৰধান প্ৰমোদ বড়োয়ে দৈমাৰীৰ ৰায়দানকলৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয়, আমি আশা কৰিছিলো এটা যোগাত্মক খবৰ আহিব৷ যিহেতু এটা শান্তি প্ৰক্ৰিয়াত জড়িত হৈছিল ৰঞ্জন দৈমাৰী৷ এইক্ষেত্ৰত মহামান্য আদালতৰ শাস্তিৰ ৰায়কলৈ অসম চৰকাৰৰ সতে কথা পাতিব৷ আমি বিচাৰো ৰঞ্জন দৈমাৰী মুকলি আকাশৰ তলত আহক আৰু সমাজৰ লগত থাকি কাম কৰক৷ ইয়াৰ বাবে শান্তি চুক্তি স্বাক্ষৰকাৰী ৰঞ্জন দৈমাৰীক মুকলি আকাশৰ তলত অনাৰ বাবে অসম চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰৰ সতে আলোচনা কৰিব বিটিআৰৰ প্ৰমোদ বড়োয়ে৷

গুৱাহাটী উচ্চ ন্যায়ালয়ে দিয়া ৰায়দানত অত্যন্ত দুখ পোৱা বুলি প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে বিটিআৰ কাৰ্যবাহী সদস্য EM তথা প্ৰাক্তন এনডিএফবি(এচ)ৰ নেতা ৰঞ্জিত বসুমতাৰী ওৰফে বি আৰ ফেৰেংগাই৷ বিষয়টোক লৈ BTR চৰকাৰৰ তৰফৰ পৰা বিবেচনা কৰা হ’ব বুলি মন্তব্য ৰঞ্জিত বসুমতাৰীৰ।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

seven + 12 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.