অসমসংগীত

আজি সুৰশিল্পী জয়ন্ত হাজৰিকাৰ ওপজা দিন। জন্মদিনত গীতে-মাতে স্মৰণ ৰাণা দাক

আজি অসমীয়া সংগীতৰ পুৰোধা প্ৰয়াত জয়ন্ত হাজৰিকাৰ ৭৯তম ওপজা দিন

“মৃত্যু সাৱটি সমাধিস্থলীত অকলে আছেহি শুই”

আজি অসমীয়া সংগীতৰ পুৰোধা প্ৰয়াত জয়ন্ত হাজৰিকাৰ ৭৯তম ওপজা দিন। অসমৰ সংগীত জগতৰ এগৰাকী অন্যতম শিল্পী আছিল তেখেত। সকলোৰে মাজত ৰাণা দা হিচাপে পৰিচিত জয়ন্ত হাজৰিকা আছিল একেধাৰে কণ্ঠশিল্পী, সুৰকাৰ।
১৯৪৩ চনৰ ২০ ছেপ্তেম্বৰত মঙলদৈত জন্মলাভ কৰা জয়ন্ত হাজৰিকা অতি কম সময়ৰ ভিতৰতে জনপ্ৰিয় হৈ পৰিছিল সকলোৰে মাজত।

 

মাত্ৰ ৩৪ বছৰীয়া তেওঁৰ সেই জীৱনকালত অসমীয়া সংগীত জগতখনত সৃষ্টি কৰিছিল অসমীয়া আধুনিক গীতৰ এটি যুগমীয়া ধাৰা। অসমীয়াক দি গ’ল কেইবাটাও কালজয়ী গীত। ‘এই আকাশ বৰ বিশাল’, ‘তোমাৰ মৰমে মোক’, ‘কেতিয়াবা বেজাৰতে’, ‘মোৰ মিনতি’ ইত্যাদি অসমীয়া সংগীত জগতলৈ ৰাণা দাই আগবঢ়োৱা অনবদ্য উপহাৰ।

 

সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ ভাতৃ জয়ন্ত হাজৰিকাই ১৯৭৭ চনৰ ১৫ অক্টোবৰত মাত্ৰ ৩৪ বছৰ বয়সতে জীৱনৰ মায়া এৰি গুচি যায়। শিল্পীগৰাকীৰ স্মৃতিক সজীৱ কৰি ৰাখিবলৈ পত্নী মণিষা হাজৰিকাৰ লগতে পুত্ৰ ময়ুখ হাজৰিকাই আজিও জীয়াই ৰাখিছে সুৰবাহিনীক।

 

প্ৰয়াত জয়ন্ত হাজৰিকাৰ ৭৯তম ওপজা দিন উপলক্ষে আজি সুৰবাহিনীয়ে মহানগৰীৰ চানমাৰিস্থিত জয়ন্ত হাজৰিকাত আয়োজন কৰে এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ। ৰাজ্যৰ অন্যান্য প্ৰান্তটো শিল্পীগৰাকীৰ ওপজা দিন উপলক্ষে আয়োজন কৰিছে বিভিন্ন অনুষ্ঠানৰ। এইবাৰৰ ‘জয়ন্ত হাজৰিকা জীৱনজোৰা সাধনা বঁটা’ প্ৰদান কৰা হ’ব কলকাতাৰ বিশিষ্ট শিল্পী লোপামুদ্ৰা মিত্ৰক।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

thirteen − 4 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.