অসমআঞ্চলিক

চৰ্চাত এগৰাকী মহিলা ই-ৰিক্সা চালক!

গোৱালপাৰা জিলাৰ কৃষ্ণাই অঞ্চলৰ এগৰাকী ই-ৰিক্সা চালক বৰ্তমান চৰ্চাৰ কেন্দ্ৰ বিন্দু হৈ পৰিছে

চৰ্চাত এগৰাকী মহিলা ই-ৰিক্সা চালক!

গোৱালপাৰা জিলাৰ কৃষ্ণাই অঞ্চলৰ এগৰাকী ই-ৰিক্সা চালক বৰ্তমান চৰ্চাৰ কেন্দ্ৰ বিন্দু হৈ পৰিছে! কৃষ্ণাইত সদায় দেখা পোৱা যায় ৰিক্সাচালক সুনীতা কোচকl এসময়ত তেওঁৰ স্বামীয়ে এইখন ৰিক্সা চলাই পৰিয়াল পোহ পাল দি আহিছিল।

কিন্তু হঠাৎ এদিন সুনীতাৰ স্বামীয়ে ৰিক্সা চলাই থকাৰ সময়ত ৰিক্সাসহ পথত বাগৰি পৰে আৰু গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়l তেতিয়াৰ পৰা সুনীতাৰ স্বামীয়ে চলাব নোৱাৰা হ’ল ৰিক্সাখনl স্বামীৰ তেনে অৱস্থাৰ বাবে সুনীতাই নিজেই ৮মাহ পূৰ্বে ওলাই আহিল ৰাজপথলৈl তেতিয়াৰ পৰা সুনীতা কোচে এই ৰিক্সা চলাই পৰিয়ালটো পোহ-পাল দি আহিছে৷ লগতে সন্তানকো পঢ়ুৱাই আহিছে l

অঞ্চলটোৰ লোকসকলেও সুনীতাৰ এই কৰ্মময় যাত্ৰাক উৎসাহ যোগাইছেl সুনীতা কোচ আন দহগৰাকী নাৰীৰ বাবেও আদৰ্শ হ’ব বুলি কৃষ্ণাইৰ ৰাইজে প্ৰকশ কৰিছেl

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

twenty − 20 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.