অসমঅসম আৰক্ষী

বিধায়কৰ ঘৰত ওলাল আম চোৰ! আম চুৰ কৰি থানা পালেগৈ এজন…

তাৰপাছতেই আম চুৰিৰ অভিযোগত আৰক্ষী থানা পালেগৈ সুভাষ বৰ্মন। আম খাই ভালপোৱা লোকজনৰ বিৰুদ্ধে গোচৰ তৰিলে দিছপুৰৰ বিধায়ক অতুল বৰাৰ ঘৰত বন কৰা ল'ৰাই। পৰৱৰ্তী সময়ত দিছপুৰ আৰক্ষীয়ে থানালৈ লৈ যায় লোকজনক।

আম খাই আপুনি নিশ্চয় ভাল পায়। টেঙা-মিঠা আমাৰ বহুতৰে প্ৰিয়। নিমখ-জলকীয়া লগাই আম খাই আমি সকলোৱে ভালপাওঁ। পিছে এইবাৰ আম গছত লমালমে লাগি থকা আম দেখি লোভ লগাই কাল হ’ল এজনৰ। আম গছলৈ ফৰ্মূটি দলিয়ালে ঠিকেই, পিছে এটা ফৰ্মূটিৰ বাবেই থানা পালেগৈ এজন লোক।

 

দিছপুৰৰ বিধায়ক অতুল বৰাৰ ৪৫ নম্বৰ বিধায়ক আবাস গৃহত এই অঘটন। চৰকাৰী আবাস গৃহৰ চৌহদত থকা আম গছলৈ ফৰ্মূটিয়াইছিল সুভাষ বৰ্মন নামৰ এজন লোকে। পিছে কপাল বেয়া আছিল সুভাষ বৰ্মনৰ। আমত ফৰ্মূটি লাগিল ঠিকেই। কিন্তু আম গৈ পৰিলগৈ দিছপুৰৰ বিধায়ক অতুল বৰাৰ চোতালত।

 

তাৰপাছতেই আম চুৰিৰ অভিযোগত আৰক্ষী থানা পালেগৈ সুভাষ বৰ্মন। আম খাই ভালপোৱা লোকজনৰ বিৰুদ্ধে গোচৰ তৰিলে দিছপুৰৰ বিধায়ক অতুল বৰাৰ ঘৰত বন কৰা ল’ৰাই। পৰৱৰ্তী সময়ত দিছপুৰ আৰক্ষীয়ে থানালৈ লৈ যায় লোকজনক।

 

উল্লেখ্য যে, আটকাধীন লোকজনৰ বিধায়ক কলনিতে আছে জেৰক্সৰ দোকান। সম্প্ৰতি দিছপুৰ আৰক্ষীৰ জিম্মাত আছে সুভাষ বৰ্মন। বিধায়ক অতুল বৰাৰ বিধায়ক আবাস গৃহৰ চোতালত আম পৰাৰ বাবে অতুল বৰাৰ ঘৰত থকা লোকজনৰ সৈতে তৰ্কাতৰ্কি হৈছিল সুভাষ বৰ্মনৰ। তাৰ পিছতেই বনকৰা ল’ৰাজনে গোচৰ দিছিল বুলি জানিব পৰা গৈছে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

12 + ten =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.