Socialঅসম

ছাগলী মাংস আপোনাৰ প্ৰিয় নেকি? ছাগলী মাংস খাই আপুনি ভাল পায় যদি এতিয়াৰ পৰা নাখাব ছাগলী মাংস!

ছাগলী মাংস খাই ভাল পায় যদি এতিয়াৰ পৰা ছাগলী মাংস খাওঁতে সাৱধান হওঁক আপুনি। কিয়নো ছাগলী মাংসৰ নামত আপুনি নজনাকৈয়ে বিক্ৰী হৈছে বৰবিহ।

ছাগলী মাংস আমাৰ বহুতৰে প্ৰিয়। সুস্বাদুকৈ ৰন্ধা ছাগলী মাংসৰ আঞ্জাখন খাই আমি বহুতেই ভালপাওঁ। কিন্তু আপুনি খাই ভালপোৱা ছাগলী মাংস কেতিয়াবা আপোনাৰ বাবে হ’ব পাৰে বৰবিহ। ছাগলী মাংস খাই ভাল পায় যদি এতিয়াৰ পৰা ছাগলী মাংস খাওঁতে সাৱধান হওঁক আপুনি। কিয়নো ছাগলী মাংসৰ নামত আপুনি নজনাকৈয়ে বিক্ৰী হৈছে বৰবিহ।

 

এইবাৰ জন্মদিনৰ পাৰ্টিত ৰন্ধা ছাগলী মাংসত ওলাইছে বৰবিহ। জন্মদিনৰ পাৰ্টীৰ বাবে মৃণাল ডেকা নামৰ এজন লোকে ৰুক্মিণী গাঁৱৰ এখন দোকানৰ পৰা ক্ৰয় কৰি আনিছিল ছাগলী মাংস। কিন্তু মাংস ক্ৰয় কৰোতে দেখা নাছিল মাংসত মিহলি গৈ থকা নেফথেলিনৰ টুকুৰা। মাংস ৰন্ধাৰ পাছত সুস্বাদু আঞ্জাৰ ওপৰত নেফথেলিন দেখি হতচকিত হৈ পৰে জন্মদিনৰ পাৰ্টিলৈ অহা সকলো।

 

উল্লেখ্য যে, ৰুক্মিনী গাঁৱৰ ৰিজুৱান আহমেদৰ দোকানৰ পৰা মাংস ক্ৰয় কৰিছিল মৃণাল ডেকাই। কিন্তু এই আচৰিত ঘটনাৰ পাছতেই ব্যৱসায়ীজনৰ বিৰুদ্ধে দিছপুৰ থানাত গোচৰ ৰুজু কৰাৰ যো-জা চলাইছে মৃণাল ডেকাই।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

6 − 1 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.