অসম

মন্ত্ৰীসভাৰ সম্প্ৰসাৰণৰ পিছতেই ঊষানগৰীত অনুষ্ঠিত হ’ব ৰাজ্যিক কেবিনেট বৈঠক

বৈঠকৰ বাবে প্ৰস্তুতিৰ পৰ্যালোচনা কৰিছে জিলা উপায়ুক্ত দেৱ কুমাৰ মিশ্ৰই। শনিবাৰে কেবিনেট বৈঠকৰ পিছতেই দুদিন ধৰি জিলা উপায়ুক্ত সকলৰ বৈঠক অনুষ্ঠিত হ’ব এই ভৱনত।

মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীসভাৰ সম্প্ৰসাৰণৰ পিছতেই তেজপুৰত অনুষ্ঠিত হ’ব ৰাজ্য চৰকাৰৰ প্ৰথমখন কেবিনেট বৈঠক। তেজপুৰৰ নতুন অধিৱেশন হল(Convention Hall)ত অনুষ্ঠিত হ’ব এই বৈঠক।

 

 

তেজপুৰৰ বাটামাৰিত ৰাজ্য চৰকাৰে মাত্ৰ তিনি মাহৰ ভিতৰতে নিৰ্মাণ কৰি তোলা অধিৱেশন হলটো ১১ জুন অৰ্থাৎ কাইলৈ পুৱা ১০ বজাত মুকলি কৰা হ’ব। মুকলিৰ পাছতেই এই হলটোত সম্পন্ন হ’ব ৰাজ্যিক কেবিনেট বৈঠক।

 

 

মুঠ ১২০ জন লোকে অংশগ্ৰহণ কৰিব পৰা এই অধিৱেশন হলত উত্তৰ-পূৰ্বাঞ্চলৰ ভিতৰত প্ৰথম ডিজিটেল মাইক্ৰ’ এল চি ডি স্থাপন কৰা হৈছে। য’ত মুখ্যমন্ত্ৰীয়ে বহি বৈঠকত অংশগ্ৰহণ কৰিব। বৈঠকৰ বাবে প্ৰস্তুতিৰ পৰ্যালোচনা কৰিছে জিলা উপায়ুক্ত দেৱ কুমাৰ মিশ্ৰই। শনিবাৰে কেবিনেট বৈঠকৰ পিছতেই দুদিন ধৰি জিলা উপায়ুক্ত সকলৰ বৈঠক অনুষ্ঠিত হ’ব এই ভৱনত।

 

 

ইতিমধ্যে, ভৱনটোৰ প্ৰায় ৯৫% কাম সম্পূৰ্ণ হৈ উঠিছে। এই ভৱনটোত সংযোজিত আছে ২০০ জন লোকে একেলগে বহিব পৰা ভোজনালয়, আৰু দুটা বিশেষ জিৰণি কোঠা আৰু শয়ন কক্ষ।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

5 × 1 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.