অসম

পৰিৱৰ্তন বিচাৰি আপৰ প্ৰতিবাদ, হাতে-হাতে প্লেকাৰ্ড লৈ ওলাই আহিল আপৰ কৰ্মী…

প্ৰতিবাদকাৰীসকলে বিভিন্ন চৰকাৰবিৰোধী শ্লোগান দি পৰিৱেশ উত্তাল কৰি তোলে। এই প্ৰতিবাদী কাৰ্যসূচীত জিলা সমন্বয়ক উত্তম দাস, উপদেষ্টা বিজয় কুমাৰ বৰুৱা, কোষাধ্যক্ষ কমল পাঠক প্ৰমুখ্যে বিষয়ববীয়াসকল উপস্থিত থাকে।

পৰিৱৰ্তন বিচাৰি আম আদমী পাৰ্টীৰ প্ৰতিবাদ। সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ কৰি ওলাই আহিল আপৰ কৰ্মী। বৃহস্পতিবাৰে, ভাৰতৰ প্ৰধানমন্ত্ৰী ডিব্ৰুগড়লৈ অহাৰ দিনটোতে আম আদমী পাৰ্টীৰ তিনিচুকীয়া জিলা সমিতিয়ে সাব্যস্ত কৰে প্ৰতিবাদ।

তিনিচুকীয়াৰ ৰঙাগড়া পথত এক প্ৰতিবাদী সমদল উলিয়ায় কৰ্মীসকলে। সম্প্ৰতি সকলো সা-সামগ্ৰীৰ মূল্য আকাশলঙ্ঘী হৈ পৰিছে। বৰ্দ্ধিত মূল্যবৃদ্ধিয়ে কোঙা কৰি তুলিছে সাধাৰণ জনতাক। বজাৰলৈ খালী মোনা নি খালী মোনা লৈয়ে উভতিবলগীয়া হৈছে বহুজনে। এনে অস্বাভাৱিক মূল্যবৃদ্ধিৰ বিৰুদ্ধে আৰু মূল্যবৃদ্ধি হ্ৰাস কৰাৰ দাবীত প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণৰ দিনটোতে আম আদমী পাৰ্টীৰ তিনিচুকীয়া জিলা সমিতিয়ে উলিয়ায় প্ৰতিবাদী সমদল।

প্ৰতিবাদকাৰীসকলে বিভিন্ন চৰকাৰবিৰোধী শ্লোগান দি পৰিৱেশ উত্তাল কৰি তোলে। এই প্ৰতিবাদী কাৰ্যসূচীত জিলা সমন্বয়ক উত্তম দাস, উপদেষ্টা বিজয় কুমাৰ বৰুৱা, কোষাধ্যক্ষ কমল পাঠক প্ৰমুখ্যে বিষয়ববীয়াসকল উপস্থিত থাকে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

18 − ten =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.