অসম

সৰ্বানন্দ সোণোৱালৰ তৎপৰতাত বিহাৰৰ পৰা গুৱাহাটীলৈ আহিল প্ৰথমখন মালবাহী জাহাজ…

পাণ্ডু প'ৰ্টত জাহাজ আৰু জল মন্ত্ৰালয়ৰ উদ্যোগত আয়োজন কৰা হৈছে বিশেষ অনুষ্ঠানৰ। অনুষ্ঠানত উপস্থিত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল।

জল পথৰে আৰম্ভ হ’ল খাদ্য সামগ্ৰীৰ আমদানি-ৰপ্তানিৰ প্ৰক্ৰিয়া। পাটনাৰ পৰা পাণ্ডু প’ৰ্টলৈকে চলিল মালবাহী জাহাজ। কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ তৎপৰতাত জল পৰিবহনত এয়া উল্লেখনীয় সংযোজন। পাটনাৰ পৰা গুৱাহাটীলৈ জাহাজেৰে কঢ়িয়াই অনা হ’ল FCIৰ ২০০ মেট্ৰিক টন চাউল।

৫ ফেব্ৰুৱাৰীত পাটনাৰ গাইঘাটৰ পৰা ৰাওনা হৈছিল MV লাল বাহাদুৰ শাস্ত্ৰী কাৰ্গো জাহাজখন। ২,৩৫০ কিঃমিঃ দূৰত্ব অতিক্ৰম কৰি দেওবাৰে পাণ্ডু প’ৰ্টত উপস্থিত হ’লহি জাহাজখন। ইয়াৰ লগে লগে মুকলি হ’ল ইন্দো বাংলাদেশ প্ৰট’কল ৰোড।

পাণ্ডু প’ৰ্টত জাহাজ আৰু জল মন্ত্ৰালয়ৰ উদ্যোগত আয়োজন কৰা হৈছে বিশেষ অনুষ্ঠানৰ। অনুষ্ঠানত উপস্থিত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

5 × 1 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.