জ্যোতিৰ্বিজ্ঞান

আজি পৃথিৱীৰ নিচেই কাষেৰেই পাৰ হৈ যাব বুৰ্জ খলিফাতকৈও ডাঙৰ গ্ৰহাণুপিণ্ড

এই গ্ৰহাণুপিণ্ডটো পৃথিৱীৰ ওপৰেৰে ১.২ নিযুত মাইল বা ১.৯ নিযুত কিলোমিটাৰ দূৰত্বত উৰিব, যি হৈছে পৃথিৱী আৰু চন্দ্ৰৰ মাজৰ দূৰত্বৰ প্ৰায় পাঁচগুণ

পৃথিৱীৰ নিচেই কাষেৰেই পাৰ হৈ যাব এটা বৃহৎ আকৃতিৰ শিলাখণ্ড। নাছাই ব্যক্ত কৰিছে এই কথা। নাছাৰ তথ্য অনুসৰি মঙলবাৰে বতাহৰ মাজেৰেই পৃথিৱীৰ কাষেৰে পাৰ হৈ যাব প্ৰকাণ্ড গ্ৰহাণুপিণ্ড।

7482(1994 PC1) নামৰ এই গ্ৰহাণুপিণ্ডটো ১ কিলোমিটাৰতকৈ অধিক ডাঙৰ। পৃথিৱীৰ যিকোনো অট্টালিকাতকৈ ডাঙৰ এই গ্ৰহাণুপিণ্ডটো হৈছে প্ৰায় ৩,৪৫০ ফুট বহল। এই গ্ৰহাণুপিণ্ডটো পৃথিৱীৰ ওপৰেৰে ১.২ নিযুত মাইল বা ১.৯ নিযুত কিলোমিটাৰ দূৰত্বৰে যাব, যি হৈছে পৃথিৱী আৰু চন্দ্ৰৰ মাজৰ দূৰত্বৰ প্ৰায় পাঁচগুণ বেছি।

অৱশ্যে এই গ্ৰহাণুপিণ্ডই পৃথিৱীত কোনোধৰণৰ ক্ষতি সাধন নকৰে বুলি উল্লেখ কৰিছে নাছাই।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

3 × two =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.