অপৰাধঅসমআঞ্চলিক

পোহৰলৈ আহিছে মানৱ সৰবৰাহৰ ভয়ংকৰ ঘটনা,অসমৰ পৰা সন্ধানহীন ৪১জন যুৱক

বাগিচা অঞ্চলৰ বস্তিসমূহত অভিভাৱক সকল দৈনিক হাজিৰা কৰিবলৈ ঘৰৰ পৰা ওলাই যোৱাৰ সময়তে ঘৰত থকা যুৱক সকলক দুষ্কৃতিকাৰীয়ে ফুচুলাই লৈ যায় অৰুণাচল প্ৰদেশৰ গেকুলৈ

পোহৰলৈ আহিছে মানৱ সৰবৰাহৰ ভয়ংকৰ ঘটনা। উজনি অসমৰ চাহ বাগিচা সমূহত সৃষ্টি হাহাকাৰ পৰিস্থিতিৰ। ডিব্ৰুগড়, চৰাইদেউ আৰু শিৱসাগৰ জিলাৰ পৰা নিৰুদ্দেশ ৪১ গৰাকী যুৱক।

এইবাৰ মানৱ সৰবৰাহকাৰীৰ চকু উজনিৰ চাহ বাগিচাত। ১৩ আগষ্টৰ পৰা নিৰুদ্দেশ হৈ আছে চৰাইদেউ জিলাৰ খুমটাই চাহ বাগিচাৰ ১২ গৰাকী যুৱক, শিৱসাগৰ জিলাৰ কৃষ্ণবিহাৰী চাহ বাগিচাৰ ১৫ গৰাকী যুৱক আৰু অন্যান্য চাহ বাগিচাসমূহৰ ১৪ গৰাকীকৈ সৰ্বমুঠ ৪১ গৰাকী যুৱক।

উল্লেখ্য যে, বাগিচা অঞ্চলৰ বস্তিসমূহত অভিভাৱক সকল দৈনিক হাজিৰা কৰিবলৈ ঘৰৰ পৰা ওলাই যোৱাৰ সময়তে ঘৰত থকা যুৱক সকলক দুষ্কৃতিকাৰীয়ে ফুচুলাই লৈ যায় অৰুণাচল প্ৰদেশৰ গেকুলৈ।

পাচিঘাটৰ পৰা কেইবাশ কিমি. আঁতৰৰ ঘন অৰণ্যৰ মাজত গেকু নামৰ ঠাইত পথ নিৰ্মাণৰ কামত লগোৱা হৈছে যুৱকসকলক। যুৱকসকলক পুৱা ৬ বজাৰ পৰা সন্ধিয়ালৈকে কামত খটুৱাই খাবলৈ দিয়ে মাত্ৰ খিচিৰি আৰু আলু পিটিকা। ঘৰলৈ যোৱাৰ কথা ক’লে মৰণাস্ত্ৰ দেখুৱাই বিভিন্ন ভয়-ভাবুকি প্ৰদৰ্শন কৰে পাচিঘাটৰ স্থানীয় যুৱকে।

শনিবাৰে, মৰাণহাট আৰক্ষী থানাত যুৱক সকলে লিখিত অভিযোগ দিয়ে যদিও আৰক্ষীয়ে এতিয়ালৈকে কোনোধৰণৰ গোচৰ ৰুজু কৰা নাই। এই সৰবৰাহ চক্ৰৰ মূল অভিযুক্তক কৰায়ত্ত কৰিবলৈ আৰক্ষী প্ৰশাসন সক্ষম হ’বনে নহয় সেয়া লক্ষণীয় হ’ব।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

12 + 11 =

Back to top button