Socialভাৰতস্বাস্থ্য

মাক-দেউতাকৰ অজ্ঞাতে মহ মৰা দৰৱ খাই মৃত্যুক সাৱটিলে ৩ বছৰীয়া কণমানিয়ে…

দেওবাৰে তামিলনাডুৰ ফাথিমা নগৰৰ নিজ বাসগৃহত মহ মৰা দৰৱৰ বটল লৈ খেলি থাকোতে ভুলবশতঃ বটলত থকা দৰৱ খাই দিয়ে কণমানিটিয়ে

মৃত্যুৰ ওচৰত হাৰ মানি মৃত্যুক সাৱটিলে এটি ৩ বছৰীয়া কণমানিয়ে। মহ মৰা দৰৱ খাই জীৱন হেৰুৱালে তামিলনাডুৰ চেন্নাইৰ কিশোৰ নামৰ শিশুটিয়ে।

দেওবাৰে তামিলনাডুৰ ফাথিমা নগৰৰ নিজ বাসগৃহত মহ মৰা দৰৱৰ বটল লৈ খেলি থাকোতে ভুলবশতঃ বটলত থকা দৰৱ খাই দিয়ে কণমানিটিয়ে। সেই সময়ত কণমানি কিশোৰৰ মাক-দেউতাকে কণমানিটিৰ বিষয়ে অজ্ঞাত আছিল।
তাৰ পৰৱৰ্তী সময়ত কণমানি কিশোৰে চিঞৰিবলৈ আৰম্ভ কৰাত মাক-দেউতাকে ততাতৈয়াকৈ এখন ব্যক্তিগত হাস্পতাললৈ লৈ যায় কিশোৰক।

কিন্তু চিকিৎসকে কিশোৰক চৰকাৰী হাস্পতাললৈ লৈ যাবলৈ কোৱাত মাক-দেউতাকে Government’s Children’s Hospitalলৈ লৈ যায় কণমানিটিক। চিকিৎসাধীন হৈ থকা অৱস্থাত হাস্পতালতেই শেষ নিশ্বাস ত্যাগ কৰে দুৰ্ভগীয়া কিশোৰে।

সোমবাৰে, মৃত কিশোৰৰ দেউতাক তামিঝাৰাচানে শংকৰ নগৰ আৰক্ষী থানাত ব্যক্তিগত হাস্পতালখনৰ চিকিৎসা ব্যৱস্থাৰ বিৰুদ্ধে তৰে এক গোচৰ। পৰিয়ালবৰ্গৰ গোচৰ অনুসৰি ভুল চিকিৎসাৰ বাবেই মৃত্যুক সাৱটিলে কিশোৰে।

ইতিমধ্যে, আৰক্ষীয়ে CrPC Section 174ৰ অধীনত ব্যক্তিগত হাস্পতালৰ বিৰুদ্ধে এক গোচৰ ৰুজু কৰিছে। অৱশ্যে, নিজ পুত্ৰক হেৰুৱাই শোকত ভাগি পৰা তামিলনাডুৰ এই পৰিয়ালটোক কিছু সকাহ দিবলৈ আৰক্ষী প্ৰশাসনে কি ব্যৱস্থা গ্ৰহণ কৰিব সেয়া লক্ষণীয় হ’ব।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

20 − four =

Back to top button