জম্মু-কাশ্মীৰধৰ্মীয়

জম্মু-কাশ্মীৰত হিংসাৰ উকমুকনি, প্ৰফেট মহম্মদক কেন্দ্ৰ কৰি বিজেপি নেত্ৰীয়ে দিয়া চাঞ্চল্যকৰ মন্তব্যৰ পাছতেই জম্মু-কাশ্মীৰত সান্ধ্য আইন…

অঞ্চলটোত কোনোধৰণৰ হিংসাত্মক কাৰ্য-কলাপ যাতে সংঘটিত নহয়, তাৰবাবে আগতীয়াকৈ ব্যৱস্থা গ্ৰহণ কৰিছে প্ৰশাসনে। ভাদেৰৱাহ চহৰত জাৰি কৰা হৈছে সান্ধ্য আইন।

পুনৰ উত্তপ্ত জম্মু-কাশ্মীৰ। সাম্প্ৰদায়িক সংঘাতক কেন্দ্ৰ কৰি উত্তপ্ত জম্মু-কাশ্মীৰ। ডোডা জিলাৰ ভাদেৰৱাহ চহৰৰ এটা মছজিদত দিয়া হিংসাত্মক ভাষণৰ পাছতেই কাশ্মীৰত জাৰি কৰা হৈছে সান্ধ্য আইন। বৃহস্পতিবাৰে বিয়লি অঞ্চলটোত সান্ধ্য আইন জাৰি কৰাৰ পাছতেই সেনা জোৱানে ফ্লেগ মাৰ্ছ কৰি সুৰক্ষা প্ৰদান কৰে অঞ্চলবাসীক।

 

উল্লেখ্য যে, প্ৰফেট মহম্মদক কেন্দ্ৰ কৰি বিজেপি নেত্ৰী নুপূৰ শৰ্মা আৰু নবীন কুমাৰ জিন্দালে দিয়া চাঞ্চল্যকৰ মন্তব্যৰ পিছতেই জম্মু-কাশ্মীৰত এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে একাংশই। সেই সময়তে এটা মছদিত দিয়া হৈছিল হিংসাত্মক মন্তব্য। দেশত ‘ঘৃণা’ বিয়পোৱাৰ বাবে ইছলামৰ বিৰুদ্ধে আপত্তিজনক বক্তব্য দিয়াৰ বাবে নুপূৰ শৰ্মা আৰু জিন্দালৰ বিৰুদ্ধে কঠোৰ আইনী ব্যৱস্থা বিচাৰিছে দাৰুল উলুম দেওবন্দ, জমিয়ত-উলেমা-ই-হিন্দ আৰু সৰ্বভাৰতীয় মুছলিম ব্যক্তিগত আইন ব’ৰ্ডে।

 

ছ’চিয়েল মিডিয়াত ভাষণ ভাইৰেল হোৱাৰ পাছতেই সাম্প্ৰদায়িক সংঘাতৰ আশংকাত উপযুক্ত ব্যৱস্থা গ্ৰহণৰ বাবে উদ্যত হয় আৰক্ষী প্ৰশাসন। অঞ্চলটোত কোনোধৰণৰ হিংসাত্মক কাৰ্য-কলাপ যাতে সংঘটিত নহয়, তাৰবাবে আগতীয়াকৈ ব্যৱস্থা গ্ৰহণ কৰিছে প্ৰশাসনে। ভাদেৰৱাহ চহৰত জাৰি কৰা হৈছে সান্ধ্য আইন।

 

ইতিমধ্যে, ভাদেৰৱাহ আৰক্ষী থানাত মছজিদত হিংসাত্মক মন্তব্য দিয়া ঘটনাৰ বিৰুদ্ধে ৰুজু কৰা হৈছে গোচৰ। লগতে প্ৰশাসনে সাধাৰণ জনতাক আইন হাতত তুলি নল’বৰ বাবেও সতৰ্ক কৰিছে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

16 − 12 =

Back to top button