Socialঅপৰাধভাৰত

লিংগ পৰিৱৰ্তন কৰিবলৈ ধন নিদিয়াৰ বাবেই পিতৃ-মাতৃ, ভগ্নীক হত্যা কৰিলে পুত্ৰই…

২০ বছৰীয়া যুৱকজনে ৪৫ বছৰীয়া ব্যৱসায়ী পিতৃ, মাতৃ, এনায়েকক ঘটনাস্থলীতে গুলীয়াই হত্যা কৰে। আনহাতে, ১৯ বছৰীয়া ভনীয়েকে সংকটজনক অৱস্থাত হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে।

নিজ পুত্ৰৰ নৃশংস হত্যাৰ বলি পিতৃ-মাতৃ, ভগ্নী আৰু এনায়েক। এই হত্যাকাণ্ডই জোকাৰি গৈছে সমগ্ৰ দেশ। বন্দুকেৰে গুলীয়াই পৰিয়ালৰ লোকক হত্যা কৰিলে এজন ২০ বছৰীয়া যুৱকে।

এই হত্যাকাণ্ডৰ পিছত সকলোৰে মনত মাথো এটা প্ৰশ্নই উদয় হৈছে। আচলতে, পৰিয়ালৰ লোকক কিয় হত্যা কৰিলে এজন কম বয়সীয়া যুৱকে!

এই নৃশংস ঘটনা সংঘটিত হৈছে হাৰিয়ানাৰ ৰ’হটাকত। উল্লেখ্য যে, ২৭ আগষ্টত সংঘটিত হৈছিল এই হত্যাকাণ্ড। মঙলবাৰে, হাৰিয়ানা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে অপৰাধী অভিষেকক। হাৰিয়ানা আৰক্ষীৰ তথ্য অনুসৰি ২০ বছৰীয়া যুৱকজনে ৪৫ বছৰীয়া ব্যৱসায়ী পিতৃ, মাতৃ, এনায়েকক ঘটনাস্থলীতে গুলীয়াই হত্যা কৰে। আনহাতে, ১৯ বছৰীয়া ভনীয়েকে সংকটজনক অৱস্থাত হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে।

প্ৰথমতে যদিও আৰক্ষীয়ে এই ঘটনা সম্পত্তিৰ বাবে সংঘটিত হৈছিল বুলি বিশ্বাস কৰিছিল, পৰৱৰ্তী সময়ত ধৃত যুৱকৰ বাৰে-বাৰে সলনি হোৱা ভাষ্যৰ বাবে গম ল’বলৈ সক্ষম হয় ঘটনাৰ প্ৰকৃত কাৰণ। লাহে-লাহে পোহৰলৈ আহিছে হত্যাকাণ্ডৰ প্ৰকৃত কাৰণ।

সমকামী সম্পৰ্কৰ বাবেই অভিষেকে হত্যা কৰিলে নিজৰ পৰিয়ালৰ লোকক। অভিষেকৰ পিতৃ-মাতৃয়ে সহজভাৱে লোৱা নাছিল অভিষেকৰ সম্পৰ্ক। কিন্তু প্ৰেমৰ ৰাগীত মাতাল হৈ থকা অভিষেকে বিচৰা নাছিল জীৱনসংগীক এৰি পৃথকে থাকিবলৈ। আনকি লিংগ পৰিৱৰ্তনৰ বাবে পৰিয়ালৰ পৰা মোটা অংকৰ ধনো দাবী কৰিছিল অপৰাধী অভিষেকে। কিন্তু মাক-দেউতাকে সেই ধন দিবলৈ অমান্তি হোৱাত নাটকীয় কায়দাৰে অভিষেকে হত্যা কৰে পিতৃ-মাতৃ, ভগ্নী আৰু এনায়েকক।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

fourteen + nine =

Back to top button