অপৰাধঅসমঅসম আৰক্ষীআঞ্চলিক

লুডু খেলেই কাল হ’ল, লুডুৰ বাবেই জীৱন হেৰুৱালে এজন যুৱকে!

উল্লেখ্য় যে, ইছাদক ওচৰৰ চিকিৎসালয়ত ভৰ্তি কৰা হয় যদিও চিকিৎসকে তেওঁক মৃত বুলি ঘোষণা কৰে।

লুডু খেলেই হ’ল কাল। লুডু খেলৰ বাবেই জীৱন হেৰুৱালে এজন যুৱকে। বন্ধুৰ ছুৰীকাঘাতত প্ৰাণ হেৰুৱালে যুৱকজনে। এই ঘটনা সংঘটিত হৈছে লখিমপুৰত। দেওবাৰে সন্ধিয়া উত্তৰ লখিমপুৰ জিলাৰ মৈডুমিয়াত লুডু খেলক লৈ সংঘটিত হয় এই ঘটনা।

 

 

লখিমপুৰৰ এখন বিবাহস্থলীত লুডু খেলি আছিল পাঁচ বন্ধুৱে। খেল খেলি থকাৰ মাজতে ইছাদ আলী নামৰ ২০ বছৰীয়া যুৱকজনক  ছুৰীকাঘাত কৰি হত্যা কৰে আফজাত আলী নামৰ বন্ধুজনে। উল্লেখ্য যে, ইছাদ আলী আৰু অভিযুক্ত আফজাত আলীকে ধৰি পাঁচজন বন্ধুৱে লুডু খেলি আছিল বিবাহস্থলীত। পৰৱৰ্তী সময়ত লুডু খেলখনক কেন্দ্ৰ কৰি ইছাদৰ সৈতে তৰ্কত লিপ্ত হয় আফজাত আলী, যাৰফলত দুয়োৰে মাজত মাৰপিট হয়। কাজিয়াৰ মাজতে ইছাদ আলীক ছুৰীকাঘাত কৰে আফজাতে।

 

 

পৰৱৰ্তী সময়ত ইছাদক ওচৰৰে চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও চিকিৎসকে তেওঁক মৃত বুলি ঘোষণা কৰে। ঘটনাৰ পিছতেই অভিযুক্ত আফজাত আলী ঘটনাস্থলীৰ পৰা পলায়ন কৰে আৰু বৰ্তমানেও পলাতক অৱস্থাত আছে। ইফালে, ঘটনা সন্দৰ্ভত আৰক্ষীয়ে এজনক আটক কৰিছে। ঘটনাক কেন্দ্ৰ কৰি বৰ্তমানেও চলি আছে তদন্ত।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

4 × four =

Back to top button