অৰ্থনৈতিক

জনতাৰ মূৰত GSTৰ মাধমাৰ, সোমবাৰৰ পৰা বৃদ্ধি পাব পাকঘৰৰ সামগ্ৰীৰ মূল্য…

সৌৰচালিত পানী গৰম কৰা যন্ত্ৰৰ দামো ৫%ৰ পৰা ১২%লৈ বৃদ্ধি পাব। দৈ, লাচি, বাটাৰ, মৌত বাঢ়িব GST। দুগ্ধজাত সামগ্ৰীতো বাঢ়িব GST

ঘৰৰ প্ৰয়োজনীয় সা-সামগ্ৰী ক্ৰয় কৰিবলৈ যাওঁতে এতিয়াৰ পৰা আপুনি চিন্তা কৰিব লাগিব। কিয়নো কাইলৰ পৰা বৃদ্ধি পাব অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য। সোমবাৰৰ পৰা ঘৰৰ সামগ্ৰী, হোটেল, বেংক সেৱা আদিত বৃদ্ধি পাব GST। চণ্ডীগড়ত অনুষ্ঠিত হোৱা ৪৭ তম জিএচটি কাইন্সিল মিটিঙত লোৱা সিদ্ধান্ত অনুসৰি কাইলৈৰ পৰা বৃদ্ধি পাব বহুকেইটা সামগ্ৰীৰ মূল্য।

 

১৮ জুলাইৰ পৰা ৫ৰ পৰা ১২% বৃদ্ধি হ’ব সামগ্ৰীসমূহৰ GST। ১৮%লৈ বৃদ্ধি পাব চিঁয়াহী, LED লেম্প, লাইটজাতীয় সামগ্ৰীৰ মূল্য। সৌৰচালিত পানী গৰম কৰা যন্ত্ৰৰ দামো ৫%ৰ পৰা ১২%লৈ বৃদ্ধি পাব। দৈ, লাচি, বাটাৰ, মৌত বাঢ়িব GST। দুগ্ধজাত সামগ্ৰীতো বাঢ়িব GST।

 

১৮ জুলাইৰ পৰা GST বৃদ্ধি পাবলগীয়া পাকঘৰৰ অত্যাৱশ্যকীয় সামগ্ৰীসমূহ হৈছে-

*দৈ, লাচী, বাটাৰমিল্ক(৫% GST)
*পনীৰ(5% GST)
*গুৰ(5% GST)
*চেনী(5% GST)
*প্ৰাকৃতিক মৌ (৫% GST)
*মুড়ি, চিৰা, খৈ, মুৰকি আদিৰ দৰে চাউলৰ পৰা প্ৰস্তুত কৰা সামগ্ৰী (5% GST)
*চাউল, ঘেঁহু, ৰায়, বাৰ্লি, অ’টছ (5% GST)
*আটা (5% GST)
*নাৰিকল পানী (12% GST)
*পিঠাগুড়ি (5% GST)

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

ten + 9 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.