দৈনিক বাতৰিবিশ্ব
Trending

১৭ জুনৰ ইতিহাস: আজিৰ দিনটোৰ কিছুমান স্মৰণীয় ঘটনা

আজিৰ দিনটোৰ কেইটিমান বিশেষ ঘটনা, যিয়ে দৃষ্টি কাঢ়িছিল সমগ্ৰ বিশ্ববাসীৰ

আজি ১৭ জুন। ইতিহাসৰ পাতত স্মৰণীয় ঘটনাৰ বাবে জিলিকি ৰৈছে এই বিশেষ দিনটো। আজিৰ দিনটোৰ কেইটিমান বিশেষ ঘটনা, যিয়ে দৃষ্টি কাঢ়িছিল সমগ্ৰ বিশ্ববাসীৰ।

বিশ্ব মৰুময়তা আৰু খৰাং প্ৰতিৰোধ দিৱস

ক্ৰমবৰ্ধমান নিৰ্বনানীকৰণে কঢ়িয়াই অনা মৰুময়তা আৰু খৰাং পৰিস্থিতিৰ ভয়াবহতাৰ বিষয়ে জনগণক সজাগ কৰি তোলাৰ লগতে জলবায়ু পৰিৱৰ্তন ৰোধ কৰাৰ লক্ষ্যৰে বহনক্ষম ভূমি ব্যৱস্থাপনা আৰু পৰিৱেশ তন্ত্ৰৰ সুৰক্ষাৰ বাবে গ্ৰহণ কৰা কাৰ্য ব্যৱস্থাক উৎসাহিত কৰাৰ উদ্দেশ্য প্ৰতিবছৰে ১৭ জুনত বিশ্ব মৰুময়তা আৰু খৰাং প্ৰতিৰোধ দিৱস পালন কৰা হয়। ২০২৬ চনৰ এই দিৱসৰ বিষয়: সেউজভূমি চিনাক্ত কৰক। সন্মান কৰক। সংৰক্ষণ কৰক।”

উভতি চাওঁ ইতিহাসত আজিৰ দিনটো…

 

নিউয়ৰ্ক হাৰ্বাৰত ষ্টেচ্যু অৱ লিবাৰ্টি

১৮৮৫ চনৰ ১৭ জুনত নিউয়ৰ্ক হাৰ্বাৰ পায়হি ‘ষ্টেচ্যু অৱ লিবাৰ্টি ‘। সৰ্বমুঠ ২০০ টা বাকচত ভৰাই ৩৫০ টা খণ্ডিত ৰূপত ফ্ৰান্সে উপহাৰ স্বৰূপে আমেৰিকালৈ প্ৰেৰণ কৰিছিল লো আৰু তামৰে নিৰ্মিত এই ঐতিহাসিক মূৰ্তিটো। ১৮৮৬ চনত ইয়াক আনুষ্ঠানিকভাৱে উদ্বোধন কৰা হয়।

 

সবৰমতী আশ্ৰমত মহাত্মাৰ বাসস্থান

১৯১৭ চনৰ ১৭ জুনত মহাত্মা গান্ধীয়ে পত্নী কস্তুৰবাৰ সৈতে সবৰমতী আশ্ৰমৰ হৃদয় কুঞ্জত থাকিবলৈ আৰম্ভ কৰে। ইয়াৰ পৰাই ১৯৩০ চনৰ ১২ মাৰ্চত মহাত্মাই বৃটিছৰ লোন আইন অমান্য কৰি ৭৮ জন সঙ্গীসহ ঐতিহাসিক দাণ্ডী যাত্ৰা আৰম্ভ কৰিছিল আৰু ভাৰতে স্বাধীনতা লাভ নকৰালৈকে আশ্ৰমলৈ ঘূৰি নাহো বুলি প্ৰতিজ্ঞা কৰিছিল।

 

ছোভিয়েটে দখল কৰিলে তিনি বাল্টিক ৰাষ্ট্ৰ

১৯৪০ চনৰ ১৭ জুনত ছোভিয়েট ইউনিয়নে ইষ্ট’নিয়া, লাটভিয়া আৰু লিথুৱেনিয়া দখল কৰে। ইউ এছ এছ আৰ আৰু জাৰ্মানীৰ মাজত স্বাক্ষৰিত অ-আগ্ৰাসন চুক্তিৰ পিছত বাল্টিক ৰাষ্ট্ৰসমূহত ছোভিয়েট সমৰ্থক চৰকাৰ গঠন কৰি ছোভিয়েট ইউনিয়নৰ সৈতে সংযুক্ত কৰা হয়।

আইচলেণ্ডৰ স্বাধীনতা

১৯৪৪ চনৰ ১৭ জুনত আইচলেণ্ডে ডেনমাৰ্কৰ পৰা স্বাধীনতা লাভ কৰি আনুষ্ঠানিকভাৱে গণৰাজ্যত পৰিণত হয়। দেশখনত অনুষ্ঠিত গণভোটত ৯৫ শতাংশতকৈ অধিক লোকে স্বাধীনতা আৰু গণৰাজ্যৰ সপক্ষে ভোটদান কৰে।

হিন্দু উত্তৰাধিকাৰ আইন গৃহীত

১৯৫৬ চনৰ ১৭ জুনত ভাৰতৰ সংসদে দেশত হিন্দু উত্তৰাধিকাৰ আইন ১৯৫৬ গৃহীত কৰে। অবিকল্পিত উত্তৰাধিকাৰ সম্পৰ্কে সংশোধনী সহ সম্পত্তিৰ ওপৰত মহিলাৰ অধিকাৰক স্বীকৃতি দিয়া এই আইনে হিন্দু, শিখ, বৌদ্ধ আৰু জৈন ধৰ্মৰ লোক সকলৰ বাবে একে আইনী ব্যৱস্থা প্ৰতিষ্ঠা কৰে।

ৱাটাৰগেট কেলেংকাৰী

১৯৭২ চনৰ ১৭ জুনত ৱাটাৰগেট কমপ্লেক্সৰ ডেম’ক্ৰেটিক নেশ্যনেল কমিটীৰ মুখ্য কাৰ্যালয়ত ফোন ৱায়াৰটেপ কৰা হোৱাইট হাউচৰ পাঁচজন কৰ্মী গ্ৰেপ্তাৰৰ পিছতে ৱাটাৰগেট কেলেংকাৰীৰ সূত্ৰপাত হয়। এই কেলেংকাৰীত জড়িত থকাৰ অভিযোগত ১৯৭৪ চনত ৰাষ্ট্ৰপতি ৰিচাৰ্ড নিক্সনে পদত্যাগ কৰিব লগা হয়।

বল্লভভাই পেটেল আৰু ৰাজীৱ গান্ধীলৈ ভাৰতৰত্ন

১৯৯১ চনৰ ১৭ জুনত ভাৰত চৰকাৰে ভাৰতৰ প্ৰথম উপ-প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰী হিচাপে স্বতন্ত্ৰ ৰাজ্য সমূহক অন্তৰ্ভুক্তিৰে দেশ গঠনত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা চৰ্দাৰ বল্লভভাই পেটেল আৰু দেশৰ কণিষ্ঠতম প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰা ৰাজীৱ গান্ধীলৈ মৰণোত্তৰ ভাৰতৰত্ন প্ৰদানৰ ঘোষণা কৰে।

আমেৰিকাত পঞ্চদশ ফিফা বিশ্বকাপ

১৯৯৪ চনৰ ১৭ জুনত আমেৰিকাত আৰম্ভ হৈছিল পঞ্চদশ ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতা। চিকাগোৰ চোল্ডাৰ ফিল্ডত অনুষ্ঠিত হৈছিল ১৭ জুলাইলৈকে চলা প্ৰতিযোগিতাখনৰ  উদ্বোধনী অনুষ্ঠান। ২৪ খন দেশে অংশগ্ৰহণ কৰা প্ৰতিযোগিতাখনত ব্ৰাজিলে চতুৰ্থবাৰৰ বাবে চেম্পিয়নশ্বিপ অৰ্জন কৰে।

 

 

জন্ম আৰু মৃত্যু:

ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ জন্মদিন

১৯০৩ চনৰ ১৭ জুনত ডিব্ৰুগড় জিলাৰ তামোলবাৰী চাহ বাগিছাত জন্ম হৈছিল অসমীয়া গীত,নাট,কবিতাক আধুনিকতাৰ পৰশেৰে নতুন ৰূপত প্ৰতিষ্ঠা কৰা ৰূপান্তৰৰ শিল্পী, প্ৰথম অসমীয়া চলচ্চিত্ৰ জয়মতীৰ নিৰ্মাতা ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ।

লিয়েণ্ডাৰ পেজৰ জন্মদিন

১৯৭৩ চনৰ ১৭ জুনত কলকাতাত জন্ম হৈছিল ডাবলছ আৰু মিক্সড ডাবলছত কেৰিয়াৰ গ্ৰেণ্ড শ্লেম জয়ী আৰু ডেভিছ কাপৰ সৰ্বাধিক ডাবলছ খিতাপৰ অধিকাৰী তথা টেনিছ হল অৱ ফেমত অন্তৰ্ভুক্ত প্ৰথম এছিয়ান হিচাপে পৰিগণিত ভাৰতৰ প্ৰাক্তন পেছাদাৰী টেনিছ খেলুৱৈ গৰাকীৰ। সম্পূৰ্ণ নাম লিয়াণ্ডাৰ এড্ৰিয়ান পেজ।

মমতাজ মহলৰ মৃত্যু

১৬৩১ চনৰ ১৭ জুনত ৩৮ বছৰ বয়সত মোগল সাম্ৰাজ্যৰ বুৰহানপুৰত মৃত্যু হৈছিল মোগল সম্ৰাট ছাহজাহানৰ দ্বিতীয় পত্নী মমতাজ মহলৰ। তেওঁৰ স্মৃতিত নিৰ্মিত হৈছিল বিশ্বৰ সপ্ত আশ্বৰ্যৰ অন্যতম আগ্ৰাৰ তাজমহল।

জিজাবাঈৰ মৃত্যু

১৬৭৪ চনৰ ১৭ জুনত ৭৬ বছৰ বয়সত মহাৰাষ্ট্ৰৰ ৰায়গড়ত মৃত্যু হৈছিল মাৰাঠা সাম্ৰাজ্য সম্প্ৰসাৰণত পুত্ৰ শিৱাজীৰ পথ প্ৰদৰ্শক হিচাপে পৰিচিত দক্ষ ঘোঁৰাচালক, যোদ্ধা আৰু প্ৰশাসক গৰাকীৰ। সম্পূৰ্ণ নাম জিজাবাই শ্বাহাজী ভোঁছলে ।

লৰ্ড কেনিঙৰ মৃত্যু

১৮৬২ চনৰ ১৭ জুনত ৪৯ বছৰ বয়সত লণ্ডনৰ গ্ৰছভেনাৰ স্কোৱাৰত মৃত্যু হৈছিল চিপাহী বিদ্ৰোহৰ সময়ত ব্ৰিটিছ গৱৰ্ণৰ জেনেৰেল আৰু ১৮৫৮ চনত ইষ্ট ইণ্ডিয়া কোম্পানীৰ পৰা ক্ষমতা হস্তান্তৰৰ পিছত ভাৰতৰ প্ৰথম ভাইচৰয় হিচাপে কাৰ্যনিৰ্বাহ কৰা ব্ৰিটিছ ৰাজনীতিবিদজনৰ।

prathamkhabarnews

প্ৰথম খবৰ 24/7 হৈছে অসমীয়া ছেটেলাইট নিউজ চেনেল 'নিউজ টাইম অসম'ৰ ৱেব চাইট। যি আপোনাক স্থানীয় আৰু লগতে দেশ-বিদেশৰ শেহতীয়া খবৰ দি থাকে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

2 + one =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.