Socialভাৰতস্বাস্থ্য

মৃত হৈও ৬ জন লোকক জীৱন দিলে এটি ১৪ বছৰীয়া কিশোৰে

পুনেত এটি ১৪ বছৰীয়া কিশোৰে জীৱন ৰক্ষা কৰিলে ৬ জন লোকৰ

শুনিবলৈ আচহুৱা যদিও মৃত ঘোষণা হোৱাৰ পাছত এটি ১৪ বছৰীয়া কিশোৰে জীৱন ৰক্ষা কৰিলে ৬ জন লোকৰ।
১৪ বছৰীয়া এই কিশোৰজনক এসপ্তাহৰ আগতে ব্ৰেইন ডেড বুলি ঘোষণা কৰিছিল চিকিৎসকে। পুত্ৰৰ এই অৱস্থা দেখি শোকত ভাগি পৰিছিল পিতৃ-মাতৃ। এফালে পুত্ৰক হেৰুওৱাৰ শংকা, আনফালে পুত্ৰক জীয়াই তোলাৰ আকাংক্ষা। সকলো দুখ, মনোকষ্ট বুকুত সামৰি অৱশেষত পিতৃ-মাতৃয়ে লৈছিল এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত।

উল্লেখ্য যে, এটা দুৰ্ঘটনাত পতিত হৈ গুৰুতৰভাৱে আহত হৈছিল বিহাৰৰ এই ১৪ বছৰীয়া কিশোৰজন। পৰৱৰ্তী সময়ত চিকিৎসকে ব্ৰেইন ডেড বুলি ঘোষণা কৰে কিশোৰজনক। ব্ৰেইন ডেড ঘোষণা হোৱাৰ পাছত মৃত কিশোৰজনৰ পৰিয়ালে দান কৰে কিশোৰজনৰ কিডনী, কৰ্ণিয়া, লিভাৰ আৰু হৃদযন্ত্ৰ। ইতিমধ্যে ৬ জন লোকক দান কৰা হৈছে এই অংগসমূহ।

‘Zonal Transplant Coordination Committee’ৰ কেন্দ্ৰীয় সমন্বয়ক আৰতী গোখালেৰ মন্তব্য অনুসৰি, মৃত কিশোৰজনৰ হৃদযন্ত্ৰ ছাহয়াদ্ৰী হাস্পতাললৈ প্ৰেৰণ কৰা হৈছে। ২৯ বছৰীয়া এজনী যুৱতীৰ দেহত সংৰোপণ কৰা হ’ব এই হৃদযন্ত্ৰ, এটা কিডনী ৪০ বছৰীয়া এজন ব্যক্তিক দিয়াৰ লগতে আনটো কিডনী পুনেৰ জুপিটাৰ হাস্পতাললৈ পঠোৱা হৈছে। মৃত কিশোৰজনৰ লিভাৰ দিয়া হৈছে এজন ৬০ বছৰীয়া ব্যক্তিক।

২০২১ত পুনেত হোৱা এয়া হৈছে প্ৰথম হৃদযন্ত্ৰ সংৰোপণৰ ঘটনা। এই বছৰ ১ জুনৰ পৰা এতিয়া পৰ্যন্ত পুনে চহৰত এয়া হৈছে পাঁচ নম্বৰৰ অংগ সংৰোপণৰ ঘটনা।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

17 + 16 =

Back to top button