আন্তঃৰাষ্ট্ৰীয়খেল

২৯ বছৰীয়া অভিলেখ ভংগ কৰি জিলিকিল নৰৱেৰ এথলীট কাৰ্ষ্টেন ৱাৰহোম

৪০০ মিটাৰ হাৰ্ডলছত পূৰ্বতে কেভিন ইয়ঙে গঢ়া অভিলেখ ভংগ কৰে কাৰ্ষ্টেন ৱাৰহোমে

২৯ বছৰীয়া অভিলেখ ভংগ কৰি নতুন অভিলেখ গঢ়িলে নৰৱেৰ এথলীট কাৰ্ষ্টেন ৱাৰহোমে। ৪০০ মিটাৰ হাৰ্ডলছত পূৰ্বতে কেভিন ইয়ঙে গঢ়া অভিলেখ ভংগ কৰে নৰৱেৰ এথলীটগৰাকীয়ে।

বৃহস্পতিবাৰে, অছলোত অনুষ্ঠিত হোৱা ডায়মণ্ড লীগত অনুৰাগীসকলৰ সন্মুখত মাত্ৰ ৪৬.৭০ ছেকেণ্ডত এথলীটগৰাকীয়ে সম্পন্ন কৰে দৌৰ প্ৰতিযোগিতা। পুৰুষৰ ৪০০ মিটাৰ হাৰ্ডলছত ২৫ বছৰীয়া কাৰ্ষ্টেন ৱাৰহোমে ১৯৯২ চনত এথলীট কেভিন ইয়ঙে গঢ়া ৪৬.৭৮ ছেকেণ্ডৰ অভিলেখ ভংগ কৰে।

এই নতুন অভিলেখ গঢ়িবলৈ সক্ষম হোৱা এথলীট কাৰ্ষ্টেন দ্ৰুতবেগী খেলুৱৈ হিচাপে পৰিগণিত হৈছে।  এথলীটগৰাকীৰ সফলতাত এতিয়া উৎফুল্লিত  হৈ পৰিছে তেওঁৰ অনুৰাগীসকল।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

six − 6 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.