অসমপ্ৰযুক্তি

পেলনীয়া কাৰ্টুন, বটলৰ সাঁফৰ, কাঠৰ টুকুৰা জোৰা দি অসমৰ ছাত্ৰই সাজি উলিয়ালে ইলেকট্ৰনিক চেনিটাইজাৰ

এই যন্ত্ৰটো স্পৰ্শ নকৰাকৈয়ে আপুনি দুহাতত ব্যৱহাৰ কৰিব পাৰিব চেনিটাইজাৰ

এটা স্বয়ংক্ৰিয় চেনিটাইজাৰ যন্ত্ৰ। দেখাত তেনেই সাধাৰণ যেন লাগিলেও এই যন্ত্ৰটোত উপলব্ধ আকৰ্ষণীয় ব্যৱস্থাই আপোনাক বাৰুকৈয়ে ভৱাই তুলিব।

এই যন্ত্ৰটো স্পৰ্শ নকৰাকৈয়ে আপুনি দুহাতত ব্যৱহাৰ কৰিব পাৰিব চেনিটাইজাৰ। ওদালগুৰি জিলাৰ ভূঁঞাখাট নিৱাসী জ্যোতিৰাম ডেকা আৰু নিবেদিতা ডেকাৰ সন্তান অবিনাশ ডেকাই পেলনীয়া সামগ্ৰীৰ ব্যৱহাৰেৰে উদ্ভাৱন কৰি উলিয়াইছে এই স্বয়ংক্ৰিয় চেনিটাইজাৰ যন্ত্ৰটো। অবিনাশ ডেকা ছিপাঝাৰৰ লেঙেৰীয়াঝাৰ কৃষক হাইস্কুলৰ দশম শ্ৰেণীৰ ছাত্র।

অবিনাশে কেৱল পেলনীয়া কাৰ্টুন, বটলৰ সাঁফৰ, কাঠৰ টুকুৰা, গুণা, তাঁৰ, ভগা চিডি কেছেট আঠাৰে জোৰা দি সাজি উলিওৱা এই যন্ত্ৰটো বিদ্যুৎ, সৌৰশক্তি আৰু বেটাৰীৰ সহায়ত চালিত।

অতি কম সময়ৰ ভিতৰতে অধিক লোকে এই যন্ত্ৰটোৰ জৰিয়তে চেনিটাইজাৰ ব্যৱহাৰ কৰিব পাৰিব। বিদ্যালয়-মহাবিদ্যালয়,  বিভিন্ন কাৰ্যালয় তথা যিকোনো সামূহিক অনুষ্ঠানতে ৰাখিব পৰাকৈ অতি সুক্ষ্ম চিন্তাৰে এই স্বয়ংক্ৰিয় চেনিটাইজাৰ যন্ত্ৰটো উদ্ভাৱন কৰি উলিয়াইছে ছাত্ৰ অবিনাশ ডেকাই।

উল্লেখযোগ্য যে, ইয়াৰ পূৰ্বেও অবিনাশে কেইবাটাও প্ৰকল্পৰ আৰ্হি প্ৰস্তুত কৰি উলিয়াইছিল। অতি মেধাৱী ছাত্ৰ অবিনাশে এই চেনিটাইজাৰ যন্ত্ৰটো আৰু অধিক উন্নত কৰিবৰ বাবে পৰিকল্পনা কৰিছে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

four × five =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.