অসম

ৰাজ্যত কেতিয়া কৰ’ণাৰ বাধা নিষেধ আঁতৰিব ক’লে মুখ্যমন্ত্ৰীয়ে

ৰাজ্যত এতিয়াও কিছু কিছু  ঠাইত বাহাল আছে কৰ’ণাৰ বাধা নিষেধ। পিছে এই সকলোবোৰ বাধা নিষেধ কেতিয়া আঁতৰিব সেই বিষয়ে ক’লে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

প্ৰায় দুটা বছৰ ধৰি বিশবজুৰি শেষ হোৱা নাই কৰ’ণাৰ ত্ৰাস। কৰ’ণাৰ দুটা ঢৌয়ে বিধ্বস্ত কৰি পেলাইছে ভাৰতৰ অৰ্থনীতি। চাকৰি হেৰুৱাইছে বহুলোকে।

কৰ’ণা ভাইৰাছক প্ৰতিহত কৰিবলৈ দেশজুৰি চলি আছে ভেকচিনেশ্যন প্ৰক্ৰিয়া। বৰ্তমান পৰিস্থিতি পুৰ্বতকৈ কিছু স্বাভাৱিক যদিও, কিছু কিছু ক্ষেত্ৰত এতিয়াও অব্যাহত আছে বাধা নিষেধ।

অসমতো জোৰদাৰ গতিত চলি আছে ভেকচিনেশ্যন প্ৰক্ৰিয়া। ৰাজ্যত এতিয়াও কিছু কিছু  ঠাইত বাহাল আছে কৰ’ণাৰ বাধা নিষেধ। পিছে এই সকলোবোৰ বাধা নিষেধ কেতিয়া আঁতৰিব সেই বিষয়ে ক’লে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। তেওঁ কয়,  কৰ’ণাৰ ভেকচিন দিয়া কাম সম্পূৰ্ণ হোৱাৰ পিছতহে সকলোধৰণৰ বাধা-নিষেধ আঁতৰ হ’ব। সেইবাবে মুখ্যমন্ত্ৰীয়ে সকলোকে ভেকচিন ল’বলৈ পুনৰ এবাৰ আহ্বান জনাই।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

eighteen + 11 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.