আন্তঃৰাষ্ট্ৰীয়খেল

বিজয় মুকুট পিন্ধি আৱেগিক মেছী, ভিডিঅ’ কল কৰি কি ক’লে পত্নীক?

শনিবাৰে কোপা আমেৰিকাৰ ফাইনেলত ব্ৰাজিলক পৰাস্ত কৰি বিজয়ী হ'ল আৰ্জেন্টিনা

শনিবাৰে কোপা আমেৰিকাৰ ফাইনেলত ব্ৰাজিলক পৰাস্ত কৰি বিজয়ী হ’ল আৰ্জেন্টিনা। বহুকেইখন গুৰুত্বপূৰ্ণ টুৰ্ণামেন্টৰ ফাইনেলত চাৰিবাৰৰ বাবে পৰাস্ত হোৱাৰ পাছত অৱশেষত লিঅ’নেল মেছিয়ে কঢ়িয়াই আনিলে গৌৰৱ। ভৰিৰ আঘাতকো গুৰুত্ব নিদি মেছীয়ে আজুৰিলে গৌৰৱ।

Messi Injury

খেলৰ অন্তত মেছিয়ে পুনৰবাৰে দেখুৱালে যে, তেওঁ এগৰাকী ফেমিলী মেন। বিজয় গৌৰৱত উল্লাসিত মেছীয়ে খেলৰ অন্তত পত্নী এন্টনেলা ৰক্কাজ্জোক কৰিলে ভিডিঅ’ কল। লিঅ’নেল মেছীৰ পৰিয়ালৰ সৈতে থকা মধুৰ সম্পৰ্কৰ বিষয়ে সকলো জ্ঞাত। খেলৰ অন্তত ষ্টেডিয়ামতে এনেকৈ ভিডিঅ’ কল কৰি খেলুৱৈগৰাকীয়ে পত্নীক দেখুৱালে মেডেল।

https://www.instagram.com/p/CRLDvfUg4Ky/?utm_source=ig_web_copy_link

 

স্বামীৰ আনন্দ আৰু সফলতাত উৎফুল্লিত পত্নীয়ে শুভকামনা জনালে মেছীক। কোপা আমেৰিকাৰ খিতাপ দখল কৰা আৰ্জেন্টিনাৰ সফলতাৰ পাছতে লিঅ’নেল মেছীৰ পত্নী আৰু তিনি সন্তানেও উদযাপন কৰে এই সফলতা। উল্লেখ্য যে, দেশক প্ৰতিনিধিত্ব কৰি এয়া হ’ল মেছীৰ প্ৰথমটো আন্তঃৰাষ্ট্ৰীয় খিতাপ।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

17 − twelve =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.