Socialজীৱনশৈলীভাৰত

‘পদ্ম সন্মান’ৰ বাবে নাম প্ৰস্তাৱৰ আহ্বান প্ৰধানমন্ত্ৰীৰ

'পদ্ম সন্মান'ৰ বাবে ব্যক্তিৰ নাম প্ৰস্তাৱ কৰিবলৈ আহ্বান জনাইছে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে

দেশৰ অসামৰিক সন্মান, ‘পদ্ম সন্মান’ৰ বাবে ব্যক্তিৰ নাম প্ৰস্তাৱ কৰিবলৈ আহ্বান জনাইছে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। অহা ১৫ ছেপ্টেম্বৰলৈকে ‘পদ্ম সন্মান’ৰ বাবে নাম প্ৰস্তাৱৰ তাৰিখ নিৰ্ধাৰণ কৰা হৈছে।

টুইটযোগে এই কথা ঘোষণা কৰে নৰেন্দ্ৰ মোদীয়ে। তেওঁ কয় যে, “দেশত একেবাৰে তৃণমূল পৰ্যায়ৰ পৰা কাম কৰি থকা বহু প্ৰতিভাসম্পন্ন ব্যক্তি আছে, যিসকলৰ বিষয়ে শুনা নাই অথবা এতিয়াও আমি দেখা নাই। তেনেকুৱা কোনো ব্যক্তিক আপোনালোকে জানেনে? আপোনালোকে তেনে ব্যক্তিৰ নাম ‘পদ্ম সন্মান’ৰ বাবে প্ৰস্তাৱিত কৰিব পাৰে। নাম প্ৰস্তাৱ প্ৰক্ৰিয়া ১৫ ছেপ্টেম্বৰলৈকে মুকলি আছে”।

PM Modi tweet regarding the nomination of Padma Awards

পদ্ম সন্মান-পদ্ম বিভূষণ, পদ্ম ভূষণ আৰু পদ্মশ্ৰী হৈছে দেশৰ সৰ্বোচ্চ অসামৰিক সন্মান। উল্লেখযোগ্য যে, প্ৰত্যেক বছৰে গণতন্ত্ৰ দিৱসৰ প্ৰাকক্ষণত ঘোষণা কৰা হয় পদ্ম সন্মান লাভ কৰা ব্যক্তিৰ নাম। ব্যক্তিসকলৰ প্ৰতিভা, দেশৰ প্ৰতি কৰা ত্যাগ, আনক অনুপ্ৰেৰণা যোগোৱাৰ লগতে সমাজসেৱা কৰা ব্যক্তিক দিয়া হয় এই সন্মান।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

eighteen − 3 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.